নগাঁও সদৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত তথা বেবেজীয়াৰ সমীপৱৰ্তী দক্ষিণপাট চাৰিআলি পৰা ঐতিহাসিক দক্ষিণপাটসত্ৰলৈ যোৱা পথটি উন্নীতকৰণৰ বাবে বিধায়ক ৰূপক শৰ্মাই স্থাপন কৰা আধাৰশিলাৰ ফলকখনি যোৱা নিশা কোনো দুৰ্বৃত্তই ভাঙি পেলোৱাক কেন্দ্ৰ কৰি সমগ্ৰ দক্ষিণপাট অঞ্চলতে এতিয়া ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। উল্লেখ্য যে, এছ. অ. পি ডিৰ অধীনত প্ৰায় ৭০ লাখ টকা ব্যয়ৰে বিধায়ক ৰূপক শৰ্মাই কালি ঐতিহাসিক দক্ষিণপাট সত্ৰ সংযোগী গুৰুত্বপূৰ্ণ পথটিৰ মেৰামতি তথা উন্নীতকৰণৰ কামৰ শুভাৰম্ভণি কৰিছিল।
স্থানীয় ৰাইজে জানিবলৈ দিয়া অনুসৰি, কালি বিধায়কজনে আধাৰশিলা স্থাপন কৰি যোৱাৰ পাছত নিশা ১০ মান বজালৈকে অক্ষত অৱস্থাত আছিল ফলকখনি। পিছে আজি পুৱা একাংশ স্থানীয় লোকে পথৰ ওপৰতে ফলকখনি চূৰ্ণ বিচূণ হৈ পৰি থকা দেখা পাই হতভম্ব হৈ পৰে।
মাজনিশা কোনো নীচ মনোবৃত্তিৰ লোকে ফলকখনি ভাঙি পেলাই বুলি সন্দেহ কৰি স্থানীয় লোক সকলে। অৱশ্যে,কোনে কি কাৰণত এই দুষ্কাৰ্য সংঘটিত কৰিলে সেয়া স্পষ্ট হোৱা নাই। ইপিনে,উক্ত ঘটনা সন্দৰ্ভত বিধায়ক বিধায়ক শৰ্মাৰ পৰা প্ৰতিক্ৰিয়া জানিবলৈ বিছৰাত তেওঁ এই প্ৰতিবেদকক জনায় যে,নগাঁও সদৰ সমষ্টিত বিগত আঢ়ৈ বছৰ ধৰি হোৱা উন্নয়ন ত ইৰ্ষান্বিত হৈ এচাম নিকৃষ্ট মানসিকতাৰ লোকে আধাৰশিলা ভঙাৰ দৰে নীচ কাৰ্য সংঘটিত কৰিছে।