নিৰব মোদীক ২৯ মাৰ্চলৈ লণ্ডন আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ

কুখ্যাত হীৰা ব্যৱসায়ী নিৰৱ মোদীক গ্ৰেপ্তাৰ কৰাৰ পাছত ৱেষ্টমিনষ্টাৰ কোৰ্টত হাজিৰ কৰোৱা হৈছিল বুধবাৰে । পঞ্জাব নেচনেল বেংক কেলেংকাৰীৰ অভিযুক্ত তথা হীৰা ব্যৱসায়ী নীৰৱ মোদীৰ জামিন নাকচ কৰে আদালতে । লণ্ডনৰ আদালতে খাৰিজ কৰিলে নীৰ মোদীৰ জামিন। আদালতে নীৰৱ মোদীক ২৯ মাৰ্চলৈ লণ্ডন আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে। বুধবাৰে গ্ৰেপ্তাৰৰ কৰাৰ পিছতে নীৰৱ মোদীক হাজিৰ কৰোৱা হৈছিল ৱেষ্টমিনষ্টাৰ আদালতত।
চি বি আই আৰু এনফৰ্চমেন্ট ডিৰেক্টৰেটে প্ৰকাশ কৰা মতে নিৰব মোদীৰ প্ৰত্যাবৰ্তনৰ প্ৰক্ৰিয়া বিজয় মালিয়াতকৈ খৰতকীয়া হব । ৬ মাহৰ ভিতৰত নিৰব মোদীৰ প্ৰত্যাবৰ্তনৰ সম্ভাৱনা আছে বুলি প্ৰকাশ কৰিছে ।
চি বি আই আৰু এনফৰ্চমেন্ট ডিৰেক্টৰেটে ইতিমধ্যে তথ্যৰ ভিত্তিত শ্বাৰ্টচিটৰ দাখিল কৰিছে । বৃটেইন কতৃপক্ষকো ইতিমধ্যে তথ্য দাখিল কৰিছে ।
নিৰব মোদীৰ ভাৰতত থকা প্ৰায় ১,৮৭৩ কোটি টকাৰ সম্পতি ইতিমধ্যে চৰকাৰে বাজেয়াপ্ত কৰিছে । লগতে ৯৭০ কোটিৰ সম্পতিও বাজেয়াপ্ত কৰা হৈছে ।
বুধবাৰে লণ্ডনত গ্ৰেপ্তাৰ কৰা হয় কুখ্যাত হীৰা ব্যৱসায়ী নিৰৱ মোদী। মুম্বাই শাখাৰ পাঞ্জাব নেচনেল বেংকৰ পৰা ১৩,৫০০ কোটি টকা জালিয়াতিৰে হৰলুকী কৰি পলাই ফুৰা নিৰব মোদীক আজি লণ্ডনৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ।৪৮ বছৰীয়া নিৰব মোদীক ভাৰতীয় কতৃপক্ষ হৈ লণ্ডন মেট্ৰপলিতান পুলিচে মংগলবাৰে অৰ্থাৎ ১৯ মাৰ্চত হলবৰ্নৰ পৰা গ্ৰেপ্তাৰ কৰা হয়।লণ্ডনৰ আদালতত নিৰব মোদীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পাৰোৱানা জাৰি কৰা হৈছিল । এনফৰ্চমেন্ট ডিৰেক্টৰেটে লণ্ডনৰ আদালতত হাজিৰ কৰোৱাৰ পাছত প্ৰত্যাবৰ্তন বাবে আবেদন কৰিছিল ।আদালতে নীৰৱ মোদীক ২৯ মাৰ্চলৈ লণ্ডন আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে।
বিগত বৰ্ষত আমেৰিকা যুক্তৰাষ্ট্ৰয়ে নিৰব মোদীৰ বিৰুদ্ধে ৰেড কৰ্নাৰ ন’টিছ জাৰি কৰিছিল । চিবিআইয়ে ইন্টাৰপলক কৰা আবেদনৰ ভিত্তিত ২০১৮ চনৰ জুনত ৰেড কৰ্নাৰ ন’টিছ জাৰি কৰিছিল । নিৰব মোদীয়ে পাঞ্জাব নেচনেল বেংকৰ পৰা ১৩,৫০০ কোটি টকা হৰলুকী কৰি পলায়ন কৰিছিল । শেহতীয়াকৈ নিৰব মোদীক লণ্ডনত দেখিবলৈ পোৱা গৈছিল ।নিৰব মোদী আৰু তেওঁৰ সম্পৰ্কীয় শ্বকচিয়ে যোৱা বছৰ জানুৱাৰীত দেশ এৰি পলায়ন কৰিছিল ।
অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি