Begin typing your search above and press return to search.

নিৰ্বাচনী সজাগতা সভাত মাজুলী জিলা আয়ুক্তয়ে মুকলি কৰিলে নিৰ্বাচনী শীৰ্ষক গীত

নিৰ্বাচনী সজাগতা সভাত মাজুলী জিলা আয়ুক্তয়ে মুকলি কৰিলে নিৰ্বাচনী শীৰ্ষক গীত

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  27 March 2019 10:32 AM GMT

মংগলবাৰে মাজুলীত নিৰ্বাচনী সজাগতা সভাত জিলা আয়ুক্তয়ে নিৰ্বাচনী শীৰ্ষক গীত মুকলি কৰে। জিলা নিৰ্বাচনী বিভাগে নদীদ্বীপ মাজুলীত ভোটাৰ সজাগতা সভাত থীম ছং মুকলি কৰে ।

এই অনুষ্ঠানত উপস্থিত থাকে এডিচি নৰেন দাস, নিৰ্বাচনী বিষয়া মগেন নৰহ, প্ৰাক্তন অধ্যাপক উমাকান্ত ৰাজখোৱা , জিলা আয়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া দেৱপ্ৰসাদ মিশ্ৰ । জিলা আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত এই অনুষ্ঠানতে নিৰ্বাচনী শীৰ্ষক গীত "আকৌ আহিল ভোট " মুকলি কৰে। স্থানীয় সাংবাদিক, জেষ্ঠ নাগৰিক, প্ৰথম ভোটাৰ আৰু মহিলা , শিল্পী আৰু সংগীত শিল্পী আৰু চৰকাৰী বিষয়াও উপস্থিত থাকে ।

নিৰ্বাচনী শীৰ্ষক গীতটোৱে লোকসভা নিৰ্বাচন ২০১৯ ত নিৰ্বাচনী প্ৰক্ৰিয়া, ভোটাৰৰ সংখ্যা বৃদ্ধি, বিশেষকৈ প্ৰথম ভোটাৰ ক্ষেত্ৰত আৰু যুৱ প্ৰজন্ম আৰু মহিলা সকলৰ মাজত লোকসভা নিৰ্বাচন ২০১৯ ত সজাগতা সৃষ্টি কৰিবলৈ সহায় কৰিব । এই নিৰ্বাচনী শীৰ্ষক গীতটোৰ প্ৰযোজনা আৰু পৰিচালনা জিলা নিৰ্বাচনী বিভাগৰ বেনাৰত মুকলি কৰা হয় ।এই গীতটোত সকলো শ্ৰেণীৰ লোকৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ সহায় কৰিব । ১১ এপ্ৰিলত নদীদ্বীপ মাজুলীত ভোট গ্ৰহণ অনুষ্ঠিত হব । গীতটোৰ পৰিচালনা এডিচি চিন্ময় নাথ আৰু দিব্যজ্যোতি শইকীয়াৰ ।

অধিক খবৰৰ বাবে পঢ়ক :ৰাজ্যিক বাতৰি

Next Story
চাকৰি