Begin typing your search above and press return to search.

নিৰ্বাচনৰ প্ৰাৰ্থীত্ব প্ৰদানক লৈ বিমোৰত ভাৰতীয় জনতা পাৰ্টি আৰু কংগ্ৰেছ

নিৰ্বাচনৰ প্ৰাৰ্থীত্ব প্ৰদানক লৈ বিমোৰত ভাৰতীয় জনতা পাৰ্টি আৰু কংগ্ৰেছ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  15 March 2019 7:06 AM GMT

লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ব্যস্ততা বাঢ়িছে ৰাজনৈতিক দল সমূহৰ ৷ অসমত ১১ এপ্ৰিলৰ পৰা হ’ব লগীয়া লোকসভা নিৰ্বাচনৰ কাৰণে ১৮ মাৰ্চত অধিসূচনা জাৰি কৰিব। কিন্তু এতিয়াও কংগ্ৰেছ আৰু বিজেপি কোনো দলেই চূড়ান্ত প্ৰাৰ্থীৰ তালিকা ক্ষেত্ৰত সিদ্ধান্তত উপনীত হ’ব পৰা নাই । ইফালে গুৱাহাটীৰ সংসদীয় আসনক লৈ কংগ্ৰেছ দল সমস্যাত পৰিছে। দলৰ নেতাসকলে যোগ্য প্ৰাৰ্থীক প্ৰাৰ্থীত্ব প্ৰদানৰ কাৰণে চিন্তা চৰ্চা কৰি আছে ৷এই ক্ষেত্ৰত ৰাজ্যসভাৰ সাংসদ ভূবনেশ্বৰ কলিতাৰ নামটো ইতিমধ্যে চৰ্চালৈ আহিছে ৷ বৰ্তমান লোকসভাত কংগ্ৰেছৰ তিনিজন সাংসদ আছে ৷ কলিয়াবৰ সমষ্টিৰ গৌৰৱ গগৈ,শিলচৰৰ সুস্মিতা দেৱ আৰু ডিফুৰ বীৰেন সিং ইংতি ৷ইয়াৰে সুস্মিতা দেৱ আৰু গৌৰৱ গগৈৰ কাৰণে দলৰ টিকট লাভ কৰাতো প্ৰায় নিশ্চিত ৷

ইফালে নগাঁও,লক্ষীমপুৰ, কৰীমগঞ্জ,ধুবুৰী, বৰপেটা,মঙলদৈ আৰু যোৰহাটকে ধৰি সাতটা সংসদীয় আসনৰ ক্ষেত্ৰত কংগ্ৰেছৰ শীৰ্ষ নেতা আৰু দলৰ কাৰ্মকৰ্তাৰ মাজত মতভেদ অব্যাহত আছে ৷ ভাৰতীয় জনতা পাৰ্টিৰ সন্দৰ্ভত এক বিশেষ সূত্ৰ খবৰ অনুসৰি লক্ষীমপুৰ লোকসভা আসনৰ কাৰণে প্ৰদান বৰুৱা আৰু ডিব্ৰুগড়ত ৰামেশ্বৰ তেলীৰ নাম নামটো সুনিশ্চিত হৈ আছে ৷ অৱশ্যে অন্য কিছু আসনৰ সন্দৰ্ভত নিশ্চিতভাৱে একো মন্তব্য দিব নোৱাৰে ৷ ইয়াৰ ভিতৰত আছে মংগলদৈৰ ৰমেন ডেকা,নগাঁৱৰ ৰাজেন গোহাঁই,গুৱাহাটীৰ বিজয়া চক্ৰৱৰ্তী,তেজপুৰৰ আৰ পি শৰ্মা,যোৰহাটৰ কামাখ্যা প্ৰসাদ তাছা ৷আনহাতে এক খবৰ অনুসৰি বিত্ত মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই তেজপুৰ লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিব ৷ বৃহস্পতিবাৰে বিয়লি আয়োজন কৰা নিৰ্বাচন সম্পৰ্কীয় এখন বৈঠকত দহটা সংসদীয় প্ৰতিদ্বন্দীৰ কাৰণে এখন পেনেল গঠন কৰা হয় ৷

সংবাদমাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে,আমি সম্ভৱনা থকা প্ৰতিদ্বন্দীৰ কাৰণে পেনেল গঠন কৰিছোঁ ৷বিপিএফে প্ৰথমতেই কোকৰাঝাৰত নিজৰ প্ৰাৰ্থী লাভ কৰিছে ৷ইফালে বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে কয় যে আমাৰ নিৰ্বাচন সম্পৰ্কীয় পেনেলত চাৰি গৰাকী মহিলাও আছে ৷ ড° হিমন্ত বিশ্ব শৰ্মাই দলৰ হৈ নিৰ্বাচনত প্ৰাৰ্থীত্ব আগবঢ়াব লাগে ৷ কাৰণ দলৰ কেন্দ্ৰীয় নেতৃবৰ্গই ড° শৰ্মাক প্ৰাৰ্থী হিচাপে বিছাৰে ৷

এক বিশেষ সূত্ৰৰ খবৰ অনুসৰি ডিব্ৰুগড়ৰ পৰা ৰামেশ্বৰ তেলী আৰু পুলক গোহাঁই,যোৰহাটৰ পৰা তপন কুমাৰ গগৈ,কামাখ্যা প্ৰসাদ তাছা,লক্ষ কোঁৱৰ,সান্তনু গগৈ,লক্ষীমপুৰৰ পৰা প্ৰদান বৰুৱা আৰু হৰেন দেউৰী, তেজপুৰৰ পৰা ড° হিমন্ত বিশ্ব শৰ্মা,নগাঁৱৰ পৰা ৰূপক শৰ্মা,ৰাজেন গোহাঁই,আঙুৰলতা ডেকা,গুৱাহাটীৰ পৰা বিজয়া চক্ৰৱৰ্তী,বিজুলী কলিতা মেধি,কুইন অ’ঝা,ৰূপম গোস্বামী ,মঙলদৈৰ পৰা ৰমেন ডেকা,দিলীপ শইকীয়া আৰু জয়ন্ত মল্ল বৰুৱা,ডিফুৰ পৰা হৰেন সিং বে’,বিদ্যা সিং ইংলেং,কাশা তেৰোনপী,শিলচৰৰ পৰা ৰাজদ্বীপ ৰয় আৰু পৰিমল শুক্লবৈদ্য,কৰিমগঞ্জৰ পৰা কৃপানাথ মল্ল আৰু অমৰেশ ৰয় হৈছে ১০ টা সংসদীয় আসনৰ প্ৰাৰ্থী ৷

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি