নিৰ্বাচনৰ সময়ত টকা ব্যয়ৰ ক্ষেত্ৰতো নিৰ্বাচনী আয়োগে তীক্ষ্ণ দৃষ্টি ৰাখিব

লোকসভা নিৰ্বাচনৰ বাবে নিৰ্বাচনী প্ৰচাৰত ব্যস্ত সকলো ৰাজনৈতিক দল । নিৰ্বাচনৰ সময়ত প্ৰাৰ্থীৰ ব্যয়ৰ ক্ষেত্ৰতো নিৰ্বাচনী আয়োগে তীক্ষ্ণ দৃষ্টি ৰাখিছে । এই ক্ষেত্ৰত ভাৰতীয় নিৰ্বাচনী আয়োগে ৰাজ্যলৈ ১৪ জন ব্যয় পৰ্যাবেক্ষক প্ৰেৰণ কৰিছে। ইতিমধ্যে ১০ জন ব্যয় পৰ্যাবেক্ষক উপস্থিত হৈছে আন ৪ জন সোনকালে উপস্থিত হব বুলি প্ৰকাশ কৰে । ৪০০ ফ্লাইঙ স্কুৱাৰ্ড আৰু ভিডিঅ চাৰ্ভিলেঞ্চে ব্যয় পৰ্যাবেক্ষকক সমৰ্থন কৰিব বুলি অসমৰ নিৰ্বাচনী আয়োগে প্ৰকাশ কৰে ।
ব্যয় পৰ্যাবেক্ষক আৰু তেওলোকৰ দলে গ্ৰাউণ্ড লেবেলৰ পৰা কাম কৰিব। প্ৰাৰ্থী সকলৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ দিনৰ পৰা ভোট গ্ৰহণৰ দিনলৈকে পৰ্যাবেক্ষন কৰিব । ব্যয় পৰ্যাবেক্ষকে ভোট দান কৰাৰ আগ মুহূৰ্তলৈকে পৰ্যাবেক্ষন কৰিব । সংসদীয় নিৰ্বাচনত এজন প্ৰাৰ্থীয়ে ৭০ লাখ টকা ব্যয় কৰিব পাৰিব বুলি ধাৰ্য্য কৰি দিছে ভাৰতীয় নিৰ্বাচনী আয়োগে।
৩ টা ফ্লাইঙ স্কুৱাৰ্ডৰ লগতে আৰক্ষী বিষয়াক ১২৬ টা সমষ্টিৰ প্ৰত্যেকটোতে নিযুক্তি দিয়া হব । বিষয়া সকলে মডেল কড অব ক'ণ্ডাক MCC ৰ উলংঘা কৰাৰ লগতে প্ৰাৰ্থীৰ ব্যয়ৰ ক্ষেত্ৰত তীক্ষ্ণ দৃষ্টি ৰখা । স্কুৱাৰ্ড বিষয়া সকলে তেওঁলোকৰ তথ্য ব্যয় পৰ্যাবেক্ষকক জমা দিব লাগিব ।
আনহাতে ভিডিঅ চাৰ্ভিলেঞ্চে নিৰ্বাচনী প্ৰচাৰ আৰু বৈঠকৰ ভিডিঅ সমুহ ৰেকৰ্ড কৰি ৰাখিব । বিষয়া সকলে ভিডিঅ সহ তেওঁলোকৰ ব্যয়ৰ তথ্য জমা দিব লাগিব ।
অসমত তিনি টা পৰ্যায়ত অনুষ্ঠিত হব লোকসভাৰ নিৰ্বাচন। ১১,১৮ আৰু ২৩ এপ্ৰিলত অনুষ্ঠিত হব ভোট গ্ৰহণ। ২৩ মেত ফলাফল ঘোষণা কৰা হব ।
অধিক খবৰৰ বাবে পঢ়ক :শীৰ্ষ বাতৰি