Begin typing your search above and press return to search.

নিৰ্মাণৰ ছয়মাহৰ ভিতৰতে ক্ষয় হ’ল পাঠশালাৰ এখন দলংঃ অসন্তুষ্টি স্থানীয় লোকৰ

নিৰ্মাণৰ ছয়মাহৰ ভিতৰতে ক্ষয় হ’ল পাঠশালাৰ এখন দলংঃ অসন্তুষ্টি স্থানীয় লোকৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  15 May 2019 10:13 AM GMT

সদ্যহতে ৰাজ্যৰ পথসমূহৰ দুৰৱস্থাৰ লগতে দলঙসমূহে বাতৰিৰ শিৰোনামা দখল কৰি আহিছে ৷ সেই সময়তে বৰপেটা জিলাৰ অন্তৰ্গত পাঠশালাৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ৰেলৱে ক্ৰছিঙত এখন নৱ নিৰ্মিত দলঙৰ উদঘাটনৰ ছমাহৰ পিছতে সম্পূৰ্ণ ৰূপে ক্ষতিগ্ৰস্ত হয়। সেই অঞ্চলটোৰ স্থানীয় লোকসকলে এই সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৷কাৰণ অসম আৰু উত্তৰ পূবৰ ৰাজ্য পৰিভ্ৰমণ কৰিবলৈ এইটো পথেৰে নিতৌ হাজাৰ হাজাৰ লোক অহা যোৱা কৰে ৷

সদ্যহতে লোকসকলে দলং খনক মেৰামতি কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক দাবী কৰিছে ৷ পথটোত দিনক দিনে বৃদ্ধি হৈ অহা যান বাহনৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে স্থানীয় লোক তথা প্ৰশাসনেও কেএমচি কোম্পানীক অনতি পলমে পথৰ কাম সম্পূৰ্ণ কৰিবলৈ আহ্বান কৰিছে ৷ দলং খনক যাতায়তৰ কাৰণে উদঘাটন কৰা হৈছিল যদিও কেএমচি কম্পনীয়ে কলজাৰৰ পৰা বেজকুচিলৈ প্ৰায় ২৭ কিলো মিটাৰ নিৰ্মাৰ্ণ কাম সম্পূৰ্ণ কৰাত বিফল হয়। অন্যহাতে দলং নিৰ্মাণ কাৰ্যৰ সময়ত অঞ্চলটো দুৰ্ঘটনা গ্ৰস্ত অঞ্চললৈ পৰিণত হয়।

কম্পেনীৰ দ্বাৰা দলংখনৰ মধ্যভাগত বৃক্ষ ৰোপনৰ কাৰণে এক বৃহৎ পৰিমাণৰ ধন মোকলাই দিছিল যদিও বাস্তৱত সেয়া সম্পূৰ্ণ হৈ নুঠিল ৷ কিন্তু সম্প্ৰতি দলং খনৰ কিছু অংশ অতি বেয়াকৈ ক্ষয় ক্ষতিৰ সন্মুখীন হয় ৷ যাৰ কাৰণে যাত্ৰী সকলৰ অসুবিধাৰ সৃষ্টি হৈছে ৷ ইফালে নিৰ্মাণৰ ছয়মাহৰ ভিতৰতে দলং খনৰ এই অৱস্থা হ’লে স্থানীয় জনসাধাৰণে দলং খনৰ ভৱিষ্যতক লৈ চিন্তিত হৈ পৰিছে ৷

অঞ্চলটোৰ এজন জেষ্ঠ্য অধিবক্তাৰ মন্তব্য অনুসৰি যদি প্ৰাধিকৰণে নিৰ্মাণৰ সন্দৰ্ভত উচিত তদন্ত নকৰে তেন্তে দলং খনত দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা আছে ৷সংবাদদাতাৰ সৈতে মতবিনিময় কৰি আছুৰ এজন নেতা নিপুকন শৰ্মাই কয় যে আমি চাৰি লেন যুক্ত পথটোৰ সৌন্দৰ্য বঢ়াবৰ কাৰণে কেএমচিক ৮৯.৪৫ লাখ টকা জাৰি কৰা সন্দৰ্ভত তথ্য লাভ কৰিছিলো। কিন্তু কলজাৰৰ পৰা বেজকুচি পৰ্যন্ত ৰাষ্ট্ৰীয় ঘাইপথটোত বৃক্ষ ৰোপনৰ ক্ষেত্ৰত কোনো সংকেত লাভ কৰা নাই ৷

অধিক খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

Next Story
চাকৰি