গোলাঘাট জিলাৰ নুমলীগড়ৰ মুৰফুলনীত বনৰীয়া হাতীৰ উপদ্ৰৱ অব্যাহত আছে । হাতীৰ বৃহত্ জাকে নষ্ট কৰিলে বহু খেতিপথাৰ । খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই অহা হাতীৰ জাক এটাই গাওঁ খনৰ ধাননি পথাৰত প্ৰৱেশ কৰি এফালৰ পৰা মহতিয়াই লণ্ড-ভণ্ড কৰে । হাতীৰ উপদ্ৰৱত বিনিদ্ৰ ৰজনী কটাবলগা হৈছে স্থানীয় ৰাইজে। অঞ্চলটোত দীৰ্ঘদিনৰ পৰা অব্যাহত আছে বনৰীয়া হাতীৰ উপদ্ৰৱ। ৰাইজে বহুবাৰ জনোৱাৰ পাছতো বন বিভাগে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি জানিবলৈ দিছে।
Begin typing your search above and press return to search.