Begin typing your search above and press return to search.

নুমলীগড় শোধনাগাৰৰ নাৰ্ছিং স্কুলত উত্তপ্ত পৰিস্থিতি

নুমলীগড় শোধনাগাৰৰ নাৰ্ছিং স্কুলত উত্তপ্ত পৰিস্থিতি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  11 Oct 2018 5:53 AM GMT

নুমলীগড় শোধনাগাৰৰ সামাজিক উন্নয়ন পুজিৰে নিৰ্মিত নুমলীগড় বিবেকানন্দ কেন্দ্ৰ এন আৰ এল নাৰ্ছিং স্কুলত প্ৰাৰ্থী বাচনীক কেন্দ্ৰ কৰি চূড়ান্ত অৰাজকতাই বিৰাজ কৰিছে ৷ প্ৰতিষ্ঠানটোৰ সচিব ডাঃ সৌমিত্ৰ পূজাৰীয়ে প্ৰাৰ্থী বাচনীৰ ক্ষেত্ৰত মইমতালিৰে ভাৰতীয় মেডিকেল কাউন্সিলৰ সকলো নীতি নিয়ম উলংঘা কৰি নিজৰ খুচিমতে অযোগ্য প্ৰাৰ্থীক অগ্ৰাধিকাৰ দি যোগ্য প্ৰাৰ্থীক বঞ্চিত কৰি চূড়ান্ত অনিয়মৰ আশ্ৰয় লৈ নাম তালিকা প্ৰস্তুত কৰি জাননী ফলকত আঁৰি দিয়াৰ পিছতে সমগ্ৰ নুমলীগড়ত প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ৷

এই অনিয়মৰ বিৰুদ্ধে প্ৰতিষ্ঠানটোৰ অধক্ষ্যাই প্ৰতিবাদ কৰাৰ বাবে সচিব সৌমিত্ৰ পূজাৰীয়ে ভয় ভাবুকিৰে মানসিক নিৰ্যাতন চলাই অধক্ষ্যা গৰাকীক ৷যাৰ ফলত যোৱা নিশা অধক্ষ্যা গৰাকীয়ে ডাঃ সৌমিত্ৰ পূজাৰীৰ বিৰুদ্ধে নুমলীগড় আৰক্ষীত এক এজাহাৰ দাখিল কৰে ৷ প্ৰাৰ্থীৰ বাচনী সম্পৰ্কত সৌমিত্ৰ পূজাৰীৰ বিৰুদ্ধে বিস্ফোৰক ভাষ্য প্ৰদান কৰে অধক্ষ্যা ননী দাসলাৰীয়ে ৷ এই সংক্ৰান্তত ঐক্য সেনা অসম , গোলাঘাট জিলা সমিতিয়ে নাৰ্ছিং প্ৰতিষ্ঠানৰ মুখ্যদ্বাৰত ডাঃ সৌমিত্ৰ পূজাৰীৰ প্ৰতিমূৰ্তি দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ যোগ্য প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিবৰ বাবেও দাবী জনায় সংগঠনটোৱে ৷

Next Story
চাকৰি