Begin typing your search above and press return to search.

মুম্বাই আক্ৰমণত কংগ্ৰেছে কি প্ৰত্যুত্তৰ দিছিল: নয়দাত কংগ্ৰেছক কটাক্ষ্য মোদীৰ

মুম্বাই আক্ৰমণত কংগ্ৰেছে কি প্ৰত্যুত্তৰ দিছিল: নয়দাত কংগ্ৰেছক কটাক্ষ্য মোদীৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  9 March 2019 12:11 PM GMT

কংগ্ৰেছে বালাকোটৰ এয়াৰ ষ্ট্ৰাইকৰ প্ৰমান বিচৰা কাৰ্য্যক মোদীয়ে আজি কটাক্ষ্য কৰি কংগ্ৰেছৰ চৰকাৰে ২৬-১১ মুম্বাই আক্ৰমণত কি পদক্ষেপ লৈছিল অথবা কি মীমাংসা কৰিছিল বুলি প্ৰশ্ন কৰে । নয়দাত এখন জনসভা সম্বোধন কৰি কংগ্ৰেছ চৰকাৰক তীব্ৰ সমালোচনা কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । নৰেন্দ্ৰ মোদীয়ে ২০১৪ চনত প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পাছত ভাৰতে " নতুন ৰীতি, নতুন নীতি " ৰে আগবাঢ়িছে বুলি প্ৰকাশ কৰে । ২০১৬ চনত উৰিৰ আক্ৰমণৰ পাছত পাকিস্তান অথা সন্ত্ৰাসবাদীক ছাৰ্জিকেল ষ্ট্ৰাইকৰ যোগেদি উৎচিত প্ৰত্যুত্তৰ দিছিল বিজেপি চৰকাৰে । ভাৰতক আক্ৰমণ কৰিব আৰু চৰকাৰে একো নকৰিব সেয়া কেনেকৈ গ্ৰহণযোগ্য হব বুলি প্ৰশ্ন কৰে ।

উৰিৰ আক্ৰমণৰ পাছত ভাৰতীয় সেনাই সন্ত্ৰাসবাদীৰ ঘৰত সোমাই হত্যা কৰি আহিছিল । উৰি আক্ৰমণৰ পাছত ভাৰতে ছাৰ্জিকেল ষ্ট্ৰাইক কৰাৰ পাছত পাকিস্তানে শিক্ষা লাভ নকৰিলে । সেয়েহে পুলোৱামা কাণ্ডৰ পাছত বায়ুৰে সন্ত্ৰাসবাদীৰ ঘাটিত আক্ৰমণ কৰে । পাকিস্তানে ভাৰতে প্ৰত্যাক্ৰমন নকৰিব বুলি ধাৰণা কৰি লৈছিল কাৰন পুৰ্বৰ কংগ্ৰেছ চৰকাৰে পাকিস্তানক তেনেকৈ ভাবিবলৈ বাধ্য কৰাইছিল বুলি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰে ।

আজি প্ৰত্যেক ভ্ৰষ্টাচাৰীয়ে প্ৰধানমন্ত্ৰীৰ কাৰনে সমস্যাত আছে। কংগ্ৰেছৰ অসফলতাৰ উদঙাই দিয়াত এতিয়া কংগ্ৰেছ উপায় হীন হৈ পৰিছে । লগতে কংগ্ৰেছে বহুতো কামৰ আধাৰশিলা স্থাপন কৰিছিল যদিও আজিও সক্ষম নহয় । প্ৰধানমন্ত্ৰীয়ে গাজিয়াবাদৰ এখন জনসভা সম্বোধন কৰি ১৩০ কোটিৰ জনসাধাৰণৰ বিশ্বাস অটুট ৰাখিব বুলি প্ৰকাশ কৰে ।

Next Story
চাকৰি