দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ীৰ শেষকৃত্য ৰাষ্ট্ৰীয় মৰ্যাদাৰে সম্পন্ন কৰা হ'ল। প্ৰাক্তন প্ৰধানমন্ত্ৰীজনৰ মুখাগ্নি কৰে তোলনীয়া জী নমিতা ভটাচাৰ্যই।প্ৰয়াত অটল বিহাৰী বাজপেয়ীৰ পাৰ্থিৱ শৰীৰ বিজেপিৰ মুখ্য কাৰ্যালয়লৰ পৰা লৈ যোৱা হৈছে ৰাষ্ট্ৰীয় স্মৃতিস্থললৈ।প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ শেষ যাত্ৰাত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, গৃহমন্ত্ৰী ৰাজনাথ সিং, বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ অমিত শ্বাহ, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ তথা কেইবাগৰাকীও নেতা খোজ কাঢ়ি ৰাষ্ট্ৰীয় স্মৃতিস্থললৈ যায়। তেওঁৰ নশ্বৰ দেহ মাৰ্গস্থিত মুখ্য কাৰ্যালয়ৰ পৰা এখন ফুলেৰে সজ্জিত বাহনেৰে ৰাষ্ট্ৰীয় স্মৃতিস্থললৈ লৈ যোৱা হয়।হাজাৰ হাজাৰ জনতাই মহান ৰাজনীতিবিদ জনৰ শেষ যাত্ৰাত ভাগ লয়।বিভিন্ন দেশৰ প্ৰতিনিধি সকলেও শেষকৃত অনুস্থানত ভাগ লোৱা দেখিবলৈ পোৱা যায়।
Begin typing your search above and press return to search.