Begin typing your search above and press return to search.
পঞ্চায়ত নিৰ্বাচন সমাগত : বাকযুদ্ধোও তুংগত

বুধবাৰে ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত হেমাংগ ঠাকুৰীয়াই এখনি সংবাদমেলৰ আয়োজন কৰি কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ গোপন মিতিৰ সম্পৰ্কৰ কথা সদৰি কৰে।
সাংবাদমেল খনত হেমাংগ ঠাকুৰীয়াই মন্তব্য কৰে যে কংগ্ৰেছ চৰকাৰে বিগত সময়চোৱাত পঞ্চায়তৰ জৰিয়তে সমতাৰ ৰাজ নহয় দুৰ্নীতিৰ ৰাজ চলাইছিল ।
সাংবাদমেল খনৰ জৰিয়তে পঞ্চায়তত অসম চৰকাৰে ধন আবন্টন নকৰা বুলি বিৰোধী দল সমূহে কৰা অভিযোগক নতসাৎ হেমাংগ ঠাকুৰীয়াৰ।
বদৰুদ্দিন আজমলে জনীয়া সমষ্টিত কংগ্ৰেছ এ আই ইউ ডি এফ ৰ শত্ৰু আৰু বিজেপি জাতীয় শত্ৰু বুলি যি মত পোষণ কৰিছিল তাৰ প্ৰতিক্ৰিয়া ত হেমাংগ ঠাকুৰীয়াই কয় যে বদৰুদ্দিন আজমলৰ এ আই ইউ ডি এফ আৰু কংগ্ৰেছৰ গোপন মিতিৰালী আছে ।
সংবাদমেলত বিজেপি নেতা হেমাংগ ঠাকুৰীয়াই পঞ্চায়ত নিৰ্বাচনত প্ৰায় ১০০ শতাংশ পঞ্চায়ত বিজেপিয়ে দখল কৰিব বুলি দৃঢ়তাৰে মন্তব্য কৰে।
অন্য খবৰৰ বাবে পঢ়ক: ৰাজ্যিকবাতৰি
Next Story