দেশৰ উন্নয়নৰ শ্ল'গান আওৰোৱা বিজেপি শাসিত ৰাজ্যত এতিয়া অনুন্নত বাট-পথৰ দুৰৱস্থাই জীয়াতু ভুগাইছে জনসাধাৰণক। ৰাজ্যৰ ১২৬ টা বিধান সভা সমষ্টিৰ কোনো এটা সমষ্টিও বাদ পৰা নাই এইক্ষেত্ৰত। মনকৰিবলগীয়া যে ৰাজ্যৰ গড়কাপ্তানি বিভাগৰ ৰাজ্যিক মন্ত্ৰী তপন কুমাৰ গগৈ , যোগেন মহনৰ জিলাৰ দুয়োটা সমষ্টিৰেই বাট পথৰ দুৰৱস্থাই এডভাণ্টেজ অসমৰ অবিকশিত স্বৰূপটো উদঙাই দেখুৱাইছে। জিলাখনৰ সোণাৰিৰপৰা মৰাণ হৈ ডিব্ৰুগড়লৈ যোৱা অতি বস্ত্যে পথছোৱা দীৰ্ঘদিন ধৰি বিধ্বস্ত হৈ থকাৰ পাছতো নিৰ্মাণ কিম্বা মেৰামতি কৰিবলৈও আহৰি নাই গড়কাপ্তানি বিভাগৰ। এই পথচোৱা নিম্নমানদণ্ডৰ হোৱাত এই প্ৰতিবাদ । তাৰ পিছতো আজিলৈকে চকু মেল খোৱা নাই স্থানীয় গড়কাপ্তানি বিভাগৰ কৰ্মচাৰী আৰু গড়কাপ্তানি মন্ত্ৰীৰ। ইয়াৰ পৰিপ্ৰেক্ষিতত আজি আহোম সেনা মাহমৰা আঞ্চলিক সমিতিৰ উদ্যোগ স্থানীয় ৰাইজৰ সহযোগত দুই ঘণ্টীৰো অধিক এক পথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰা হয়। পথ অৱৰোধ কাৰ্যসূচীৰ ফলত সোণাৰি-মৰাণ, ডিব্ৰুগড় পথৰ যাতায়ত স্তব্ধ হৈ পৰে।
Begin typing your search above and press return to search.