Begin typing your search above and press return to search.

পলকতে চাঁও আহক বলীউডৰ সৰু সৰু খবৰ

পলকতে চাঁও আহক বলীউডৰ সৰু সৰু খবৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  13 March 2019 12:21 PM GMT

বলীউডৰ অভিনেতা ৰনৱীৰ সিঙক ৬৪ সংখ্যক ফিল্মফেয়াৰ এৱাৰ্ড শ্ব’ৰ শ্ব’ ষ্টপাৰ হিছাপে দেখা যাব ৷ চলিত বৰ্ষৰ এৱাৰ্ড শ্ব’ অনুষ্ঠিত হ’ব ২৩ মাৰ্চত ৷ মুম্বাইৰ জিয়ো গাৰ্ডেনত হ’ব লগীয়া অনুষ্ঠানটোক লৈ সম্প্ৰতি সকলো অনুৰাগী উৎসুক ৷ প্ৰত্যেক বৰ্ষৰ দৰে এইবাৰৰ এৱাৰ্ড শ্ব’ অনুষ্ঠানটিত মনোৰঞ্জনৰ লগতে মস্তি ধামাল হ’ব ৷ এটি অনুষ্ঠানত ৰনৱীৰ সিঙে কয় যে এইবাৰ ফিল্ম ফেয়াৰ অনুষ্ঠান হ’ব বহু আকৰ্ষনীয় ।লগতে এই অনুষ্ঠানত ফিল্ম ফেয়াৰত নিজৰ বিশেষ মুহুৰ্ত সমূহক সুঁৱৰি কয় যে প্ৰথম ফিল্ম ফেয়াৰৰ বেটুপাতত ৰনৱীৰ সিঙৰ ফ’টো আহিছিল আৰু তাত লিখা আছিল যে সিং ইজ কিং ৷

ৰনৱীৰ সিঙৰ কাৰণে দ্বিতীয়টো জীৱনৰ উল্লেখযোগ্য মুহুৰ্ত আছিল যেতিয়া অমিতাভ বচ্চনৰ সন্মুখত বাজীৰাও মস্তানী ছবিখনৰ কাৰণে বেষ্ট এক্টৰৰ পুৰস্কাৰ পাইছিল। ইফালে সঞ্জয় লীলা ভাঞ্চালীয়ে এখন ছবিৰ আলোচনা কৰি আছে । সদ্যহতে ছলমান খান আৰু শ্বাহৰুখ খানৰ কাষ্ট কৰাৰ কথা ভাবিছে ভাঞ্চালীয়ে ৷ প্ৰথমতে এই ছবিখনৰ কাৰণে ছলমান খান লীড ৰ’লত আছিল কিন্তু সম্প্ৰতি শ্বাহৰুখ খানৰ নামটো চৰ্চালৈ আহিছে ৷ইফালে ছবিখনৰ কাৰণে আলিয়া ভাট্টৰ নামটোও চৰ্চালৈ আহিছে ৷ যদি সকলো কাম অথবা প্ৰস্তুষ্টি সুকলমে হয় তেন্তে অনাগত দিনত আলীয়াক দেখা পাব ভাঞ্চালীৰ ছবিত ৷ কিন্তু আলিয়াই সম্প্ৰতি এই ছবিখনৰ সন্দৰ্ভত বিশেষ একো মন্তব্য দিয়া নাই ৷

অন্যহাতে জয়া আখতাৰে বলীউডৰ চৰ্চিত তথা সফল হোৱা ছবি গলী বয়ৰ চিকুৱেল নিৰ্মাণ কৰিব ৷ গলী বয় ৰেপাৰ ডিভাইনৰ জীৱনৰ ওপৰত আধাৰিত ৷গলী বয়ক দৰ্শকে যথেষ্ট আদৰি লৈছিল ৷সম্প্ৰতি জয়া আখতাৰে এই ছবিখনৰ চিকুৱেল নিৰ্মাণ কৰিব বুলি জানিব পৰা গৈছে ৷ ৰিমা কাগতিৰ লগত জয়া আখতাৰে গলী বয়ৰ চিকুৱেলৰ স্কীপ্ত তৈয়াৰ কৰিছে বুলি জানিব পৰা গৈছে ৷

অভিনেত্ৰী ভাগ্যশ্ৰীৰ পুত্ৰ অভিমন্যু দসানীয়ে মৰ্দ কো দৰ্দ নহী হোতাৰ জৰিয়তে ডেবিউ কৰিব ৷ ছবি প্ৰমোশ্যনৰ সময়ত অভিমন্যুয়ে সংবাদমাধ্যমৰ সন্মুখত কয় যে মোৰ অনুভৱ নহয় যে মই ছবি জগতৰ লগত সম্পৰ্ক থকা পৰিয়ালৰ পৰা আহিছো ৷কাৰণে অভিমন্যুৰ মাতৃ সীমিত সময়ৰ ভিতৰতে বলীউডৰ পৰা বিদায় ল’লে ৷অনুৰাগীসকলেও কেৱল তেওঁৰ আহিব লগীয়া এক্সন কমেডী ছবিৰ ট্ৰেইলৰৰ কাৰণেহে জানে।

অন্যহাতে আন্তঃৰাষ্টীয় শ্বুটাৰ আৰু অৰ্জুন পুৰস্কাৰ বটাঁ বিজয়ী শ্ৰীয়সী সিঙে মন্তব্য কৰে যে শ্ৰীয়সীৰ সপোন আছে যে যদি ভৱিষ্যতে তেওঁৰ কোনো বায়’পিক নিৰ্মাণ কৰে তেন্তে শ্ৰীয়সীৰ চৰিত্ৰত অভিনয় কৰিব সোনাক্ষী সিন্হাই ৷ এই সন্দৰ্ভত লগতে শ্ৰীয়সীয়ে কয় সোনাক্ষী এগৰাকী দক্ষ অভিনেত্ৰী ৷ আমি দুয়ো বিহাৰৰ ৷ আৰু সোনাক্ষীয়ো মোৰ দৰে ৰাজনৈতিক পৰিবেশৰ মাজত ডাঙৰ দীঘল হৈছে ৷

অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন

Next Story