পাঠশালাৰ কৃষ্ণকান্ত সৈন্দিকৈ জুনিয়ৰ কলেজত আটক ধুনীয়া কাৰ্য্যসূচীৰে শিক্ষক দিৱসৰ পালন কৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ জ্যেষ্ঠ শিক্ষক সকলক সম্বৰ্ধনা জনোৱা হয়। ড° সৰ্ৱপল্লী ৰাধাকৃষ্ণণক স্মৰন কৰি ফুলেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।কলেজ খনৰ প্ৰধান শিক্ষক ৰবিন কলিতাই সভা খনৰ সভাপতিত্ব কৰে।অনুষ্ঠানৰ সময়ত কলেজ খনৰ ছাত্ৰ-ছাত্ৰীয়ে বিভিন্ন ধৰনৰ গীত,নৃত্য পৰিৱেশন কৰে।
বজালী কলেজৰ অৱসৰ প্ৰাপ্ত উপাধ্যক্ষ হেমকান্ত শৰ্মা,বৰমাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত শিক্ষক নৰেন বড়ো আৰু টিহু ছোৱালী হাইস্কুলৰ অৱসৰ শিক্ষক ধৰিন্দৰ শীলক এখন ফুলাম গামোচা,স্মাৰক পত্ৰ আৰু এখন এখন শৰাইৰে সম্বৰ্ধনা জনোৱা হয় লগতে কলেজ খনৰ শিক্ষক-শিক্ষয়ত্ৰী সকলকো সন্মান জনাই সম্বৰ্ধনা জ্ঞাপন কৰা হয়।