Begin typing your search above and press return to search.

পুনৰ সংঘটিত হ'ল লুটপাটৰ ঘটনা

পুনৰ সংঘটিত হল লুটপাটৰ ঘটনা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  1 Nov 2018 9:01 AM GMT

বাক্সা জিলাৰ তামোলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত কেকেৰীকুছিত সংঘটিত হয় লুটপাটৰ ঘটনা সংঘটিত হয় । জানিব পৰা মতে,কামৰূপ জিলাৰ তুলসীবাৰী শাখাৰ নৰ্থ-ইষ্ট স্মল ফাইনেনঞ্ছ বেংক লিমিটেডৰ দুজন এজেণ্টে গ্ৰাহক সকলৰ পৰা ঋণৰ টকা লৈ উভতি অহা পথত ঘটনাটো সংঘটিত হয় । যোৱা মঙলবাৰে সন্ধিয়া,বেংকৰ এজেণ্ট দুজন ক্ৰনে সোনমনি কলিতা আৰু ভাস্কৰ শৰ্মাই অখাৰি গাঁৱৰ গ্ৰাহক সকলৰ পৰা মোটা সংখ্যক ধন লৈ (এছ-০১-ডিএল-৯৭১৬)নম্বৰৰ পঞ্জীয়ন কৰা স্কুটী খনত উভতি আহি তেওঁলোক যেতিয়া কেকেৰীকুছি এলেকাত আহি পায় তেতিয়াই দুজন যুৱকে কলা ৰঙৰ পালচাৰ বাইকত আহি এজেণ্ট দুজনক বন্দুক দেখুওৱাই তেওঁলোকে সংগ্ৰহ কৰা ৮,০৮০ টকা লুট কৰি পলায় যায় ।

এজেণ্ট দুজনে ৯৭,০০০টকা স্কুটী খনৰ চিটৰ তলত লুকুৱাই ৰাখিছিল । গান্ধীবাৰী আৰক্ষী আউটপোষ্টৰ ভাৰপ্ৰাপ্ত ৰাজেন বড়োই মত প্ৰকাশ কৰে যে,ঘটনাটি সংঘটিত এলেলাত উপস্থিত হয় আৰু ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ হয় ।ঘটনাটি পঞ্জীয়ন কৰা হয় ।

Next Story
চাকৰি