Begin typing your search above and press return to search.

পুলৱামা আক্ৰমণে প্ৰভাৱ পেলালে বলীউডত

পুলৱামা আক্ৰমণে প্ৰভাৱ পেলালে বলীউডত

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  14 March 2019 12:14 PM GMT

ভাৰত আৰু পাকিস্তানৰ মাজত থকা চিৰ বৈৰী ভাবে প্ৰভাৱ পেলাইছে বলীউডত । দুয়ো খন দেশৰ মাজত সততে এখন শীতল যুদ্ধই ক্ৰিয়া কৰি থাকে ৷ ভাৰত পাকিস্তানে স্বাধীনতা লাভ কৰা আজি প্ৰায় ৭১ বছৰ হৈ গ’ল ৷এই সময়ছোৱাত দুয়োখন দেশৰ ব’ডাৰত বহু যুদ্ধই ক্ৰিয়া কৰি গ’ল৷কিন্তু সম্প্ৰতি পুলৱামাত সংঘটিত হোৱা সন্ত্ৰাসবাদীৰ কাণ্ডই সমগ্ৰ দেশ কপাঁই গ’ল ৷ কেৱল ভাৰতবৰ্ষই নহয় সমগ্ৰ বিশ্বৰ বিভিন্ন দেশে পাকিস্তানক গৰিহনা দিছিল পুলৱামা কাণ্ডক ৷লগতে ভাৰত-পাকৰ ৰাজনৈতিক পৰিদৃশ্য পৰিৱৰ্তন হোৱাৰ লগতে বলীউডতো পুলৱামা কাণ্ডৰ প্ৰভাৱ পৰে ৷

বলীউডৰ সদ্য মুক্তি প্ৰাপ্ত ছবিসমূহ পাকিস্তানত মুক্তি দিয়াত নিষেধাজ্ঞা আৰোপ কৰাৰ লগতে পাক কলাকাৰ সকলকো তেওঁলোকৰ নিজৰ ঘৰলৈ প্ৰেৰণ কৰে বলীউডে ৷ আহক চাওঁ পাকিস্তানত মুক্তি নিদিয়া ছবি সমূহৰ তালিকা ৷পাকিস্তান ছবিগৃহত মুক্তি দিয়া ছবি সমূহৰ পৰা দেশখনে উপাৰ্জন কৰে প্ৰায় ৭০ শতাংশ। ইয়াৰ পিছতো পাকিস্তানে বহু ভাৰতীয় ছবি মুক্তি নিদিলে ।অৱশ্যে এই ক্ষেত্ৰত লোকচানৰ সন্মুখীন হয় পাকিস্তান ৷ইয়াৰ ভিতৰত শ্বাহৰুখ খানৰ ছবি ৰেইছ,ফাৰহান আখতাৰৰ ব্লকবাষ্টাৰ ছবি ভাগ মিলখা ভাগ উল্লেখ্য ৷

ইয়াৰ উপৰিও ৰাজী,এজেন্ট বিনোদ,অক্ষয় কুমাৰৰ ছবি খিলাড়ী ৭৮৬ ,বেবী,জলী এলএলবী ২ আছে এই তালিকাখনত ৷ অন্যহাতে চলমান খানৰ (salman khan) ছবি প্ৰায়ে পাকিস্তানত মুক্তি দিয়া নহয়। ইয়াৰ ভিতৰত আছে বজৰংগী ভাইজান,এক থা টাইগাৰ,টাইগাৰ জিন্দা হ্যে ৷ ইফালে ৰাঞ্জনা আৰু পৰী ছবিও পাকিস্তানত ৰিলীজ হ’বলৈ দিয়া নাছিল ।১৪ ফেব্ৰুৱাৰী অৰ্থাৎ ভেলেন্টাইন ডেৰ দিনা চিআৰপিএফৰ বাহনত হোৱা আত্মঘাটী বোমা বিষ্ফোৰণৰ পিছত সমগ্ৰ দেশ কঁপি উঠিছিল ৷এই ঘটনাৰ সম্পূৰ্ণ দোষ গৈছিল পাকিস্তানৰ দিশে ৷কাৰণ এই আক্ৰমণৰ দায়িত্ব লৈছিল জেইছ ই মহম্মদৰ মাছুদ আজহৰে ৷ ইফালে মাছুদ আজহাৰৰ পাকিস্তানৰ লগত বিশেষ সম্পৰ্ক ৷ এই আত্মঘাটী বোমা বিষ্ফোৰণৰ পিছত সমগ্ৰ দেশ প্ৰতিশোধ ল’বৰ কাৰণে উত্তাল হৈ আছিল ৷ আৰু ইয়াৰ পিছত ইণ্ডিয়ান এয়াৰ ফৰ্চে এয়াৰ ষ্টাইকৰ জৰিয়তে প্ৰতিশোধ লয় ৷

আৰু পুলৱামা আক্ৰমণৰ পিচত বলীউডৰ বহু ছবি মুক্তি লাভ কৰিলে ৷ইয়াৰ ভিতৰত বহু ছুপাৰষ্টাৰৰ সমাহাৰেৰে নিৰ্মিত ছবি ট’টেল ধামাল আৰু বদলা অন্যতম ৷আৰু কিছু সংখ্যক ছবি আছে যিসমূহ সম্প্ৰতি মুক্তিৰ পিছতো পাকিস্তানত মুক্তি দিয়া নহয় । তাৰ ভিতৰত আছে ছলমান খানৰ ভাৰত,অক্ষয় কুমাৰৰ কেছৰী,কংগনা ৰানাউটৰ মেন্টল হ্যে ক্যিয়া আদি উল্লেখযোগ্য ৷ছলমানৰ খানৰ ছবি সমূহৰ প্ৰায় সংখ্যকেই ভাৰত পাকৰ সম্পৰ্কৰ প্ৰতিচ্চবি খন ফুটাই তোলে কাৰণেই দাবাং খানৰ ছবিসমূহ মুক্তি নাপাই পাকিস্তানত। ইফালে পাকিস্তানৰ গায়ক আতিফ অাছলাম,অভিনেতা ফৱাড খান আৰু ৰেইছৰ পাক অভিনেত্ৰী মাহিৰা খানেও যাত্ৰা কৰে নিজৰ দেশলৈ ৷

অন্য খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন

Next Story