Begin typing your search above and press return to search.

পুৱাই জালুকবাৰীত চলিল উচ্ছেদ অভিযান

পুৱাই জালুকবাৰীত চলিল উচ্ছেদ অভিযান

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  29 Oct 2018 6:22 AM GMT

গুৱাহাটী মহানগৰীৰ জালুকবাৰীত অবৈধভাৱে দখল কৰা চৰকাৰী ভূমিত প্ৰশাসনৰ উচ্ছেদ অভিযান ।গুৱাহাটী মহানগৰীৰ জালুকবাৰীত ৰাতিপুৱাই বলডুজাৰ পৰিল চৰকাৰী ভূমিত থকা অবৈধ ভাৱে নিৰ্মাণ কৰা ঘৰত । আজি পুৱা প্ৰায় ৮ বজাৰ পৰা উচ্ছেদ অভিযান চলিল অবৈধ ভাৱে দখল কৰা চৰকাৰী মাটিত নিৰ্মাণ কৰা ঘৰবোৰত। কামৰূপ মহানগৰ প্ৰশাসনৰ তৰফৰ পৰা আৰক্ষীৰ সহযোগত চলিল এই অভিযান ।

প্ৰশাসনে সদৰি কৰা অনুসৰি ১২ বিঘা মাটিত ১৮ টা পৰিয়ালৰ প্ৰায় ৪০ টাতকৈ অধিক গৃহত উচ্ছেদ অভিযান চলালে কামৰূপ মহানগৰ প্ৰশাসনে। জাননী প্ৰেৰণ কৰাৰ পিছতো ঘৰ খালী নকৰাৰ বাবেই প্ৰশাসনে জে চি বি ৰে উচ্ছেদ অভিজান চলাবলৈ বাধ্য হয় । মহানগৰীৰ সৌন্দৰ্যবৰ্ধনৰ বাবে জিলা প্ৰশাসনৰ এই উচ্ছেদ অভিযান বুলি জানিব পৰা গৈছে ।

শৰাইঘাট দলঙৰ নামত সংৰক্ষিত ভূমিদোখৰত বহু বছৰ ধৰি অবৈধ ভাৱে দখল কৰি আছিল বুলি জনায় প্ৰশাসনে। চৰকাৰী ভূমি বেদখলকাৰীৰ পৰা বচাবলৈ পুনৰ উচ্ছেদ অভিযান চলিব বুলিও সদৰি কৰে প্ৰশাসনে।

আনহাতে ভুক্তভূগী পৰিয়াল সমূহে অভিযোগ কৰে যে ৰাতিপুৱাই এনেদৰে কোনো জাননী নোহোৱাকৈ অভিযান চলোৱা আইন বিৰুদ্ধ । এই উচ্ছেদ অভিযানত ২০০ ৰো অধিক আৰক্ষী- সেনাবাহিনীৰ জোৱান সষ্টম হৈ ৰয় যিকোনো পৰিস্থিতিৰ সন্মুখীন হবলৈ।

Next Story