Begin typing your search above and press return to search.

প্ৰতিদিনে বৃদ্ধি পোৱা কেন্সাৰ ৰোগী ক্ষেত্ৰত ফাদিল চাঞ্চল্যকৰ তথ্য

প্ৰতিদিনে বৃদ্ধি পোৱা কেন্সাৰ ৰোগী ক্ষেত্ৰত ফাদিল চাঞ্চল্যকৰ তথ্য

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  23 March 2019 8:03 AM GMT

এক চাঞ্চল্যকৰ তথ্য ৷ অসমত কেৱল ২৫ শতাংশ ধপাঁত ব্যৱহাৰকাৰীয়ে এই অভ্যাস ত্যাগ কৰিবলৈ প্ৰয়াস কৰিছে ৷ ইয়াৰ মাজতে, সম্প্ৰতি মন কৰিবলগীয়া কথা এয়ে যে অসমত কেন্সাৰৰ দৰে ৰোগীৰ তালিকা শীৰ্ষত আছে ৷ ৰাজ্যখনত কেন্সাৰৰ দৰে ৰোগৰ মুখ্য কাৰণ হৈছে ধপাঁত সেৱন আৰু ধুম্ৰপান কৰা ৷ মুম্বাইস্থিত ইন্টাৰনেশ্যনেল ইনষ্টিটিউড অফ প’পুলেশ্যন চায়েন্সৰ এক অধ্যয়নৰ অনুসৰি অসমৰ লগতে পশ্চিম বংগ আৰু ঝাৰখণ্ডত কেৱল ২৫ শতাংশ লোকেহে ধপাঁত এৰিবলৈ প্ৰয়াস কৰিছে।

সম্প্ৰতি অসমত ধঁপাত সেৱনৰ ফলত কেন্সাৰ ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে যদিও,ৰাজ্যত সীমিত সংখ্যক চিকিৎসকে ৰোগীসকলক ধপাঁত আৰু ধুম্ৰপানৰ অপকাৰিতাৰ বিষয়ে সজাগ কৰে। অধ্যয়নৰ অনুসৰি ১৬,৪৮৪ ধপাঁত সেৱনকাৰীৰৰ ভিতৰত ৫১ শতাংশহে স্বাস্থ্যৰ সেৱাৰ লগত জড়িত লোকসকলৰ লগত এই সন্দৰ্ভত আলোচনা কৰে। অৱশ্যে ৰাষ্ট্ৰীয় ধঁপাত নিয়ন্ত্ৰণ দিশ নিৰ্দেশকাৰীসকলৰ অনুসৰি চিকিৎসক সকলে সকলো স্বাস্থ্য সেৱাৰ লগত জৰিত লোকসকলক জনসাধাৰণৰ মাজত ধপাঁত সন্দৰ্ভত সজাগতা সৃষ্টি কৰিবলৈ চেষ্ঠা কৰিব লাগে ৷ গুৱাহাটীস্থিত বি বৰুৱা কেন্সাৰ চিকিৎসালয়ৰ এজন চিকিৎসকৰ মন্তব্য অনুসৰি কেন্সাৰ ৰোগীৰ সংখ্যা তেতিয়ালৈকে হ্ৰাস নহয় যেতিয়ালৈকে ধঁপাত সেৱন কাৰীৰ সংখ্যা সীমিত নহয়।

লগতে গুৱাহাটী মেডিকেল কলেজ আৰু চিকিৎসালয়ৰ এজন চিকিৎসকে কয় যে যেতিযাই এজন ৰোগীৰ জ্বৰ,আঁঠুৰ বিষ,লিভাৰৰ অসুখ আৰু অন্যান্য কিছু সংখ্যক অসুখৰ লক্ষণে দেখা দিয়ে ,তেতিয়াই চিকিৎসকক সেই ৰোগীজনে ধপাঁত সেৱন কৰে নে নকৰে তথ্য লৈ মাদক দ্ৰব্য এৰিবলৈ উপদেশ দিব লাগে ৷

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি