Begin typing your search above and press return to search.

প্ৰতিবাদত উত্তাল হ'ল দিছপুৰ লাষ্টগেট

প্ৰতিবাদত উত্তাল হল দিছপুৰ লাষ্টগেট

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  25 Sep 2018 2:01 PM GMT

বিধানসভাৰ দ্বিতীয় দিনাও প্ৰতিবাদত উত্তাল হ'ল দিছপুৰ লাষ্টগেট । আজি SPO জোৱান সকলে স্থায়ী নিযুক্তিৰ দাবীত বৃহৎ ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে । অসম বিশেষ আৰক্ষী বিষয়া কল্যান সমিতিৰ উদ্যোগত ৰূপায়ন কৰা প্ৰতিবাদী কাৰ্যসূচীত চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰে প্ৰাপ্যৰ পৰা বঞ্চিত হৈ থকা SPO জোৱানসকলে । তেওঁলোকৰ দাবী, সকলো SPO জোৱানক একেলগে ৩ নং AISF ত নিযুক্তি দিয়া ,বেটেলিয়ানত খালি হৈ থকা ১৪৫ তা পদত ১৪৫ জন SPO হে নিযুক্তি দিবলৈ লোৱা প্ৰক্ৰিয়া স্থগিত ৰখা আদি দাবীসম্বলিত স্মাৰক পত্ৰ চৰকাৰলৈ প্ৰেৰণ কৰে । ইতিপূৰ্বে চৰকাৰে প্ৰতিবাদত সঁহাৰি জনাই তেওঁলোকৰ দাবীসমূহ সমাধান কৰাৰ যি লিখিত প্ৰতিশ্ৰুতি দিছিল সেয়া আজি পৰ্য্যন্ত কাৰ্যকৰী নকৰাত তীব্ৰ অসন্তুস্তি ব্যক্ত কৰে জোৱানসকলে ।

Next Story