Begin typing your search above and press return to search.

প্ৰথম পৰ্যায়ৰ ভোটৰ মাজত আৰক্ষীৰ গুলীত নিহত যুৱক

প্ৰথম পৰ্যায়ৰ ভোটৰ মাজত আৰক্ষীৰ গুলীত নিহত যুৱক

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  6 Dec 2018 8:39 AM GMT

বুধবাৰে ৰাজ্যত হোৱা প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ সময়তে গোলাঘাটৰ ঢেকীয়ালত আৰক্ষীৰ গুলীত জ্ঞানেন্দ্ৰ ৰাজখোৱা নামৰ লোক জনৰ মৃত্যু হোৱা কাৰ্যই সম্প্ৰতি চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত ৷ অন্যহাতে নিহত জ্ঞানেন্দ্ৰ ৰাজখোৱাৰ ঘৰ গণকপুখুৰীৰ অন্তৰ্গত গোলাঘাটৰ হাবিয়াল গাঁওত ৷ জ্ঞানেন্দ্ৰ আছিল বিএছ এফৰ প্ৰাক্তন জোৱান ৷

ঘটনাৰ তথ্য অনুসৰি বুধবাৰে ভোটগ্ৰহণৰ সময় ছোৱাত মানসিক ৰোগত আক্ৰান্ত জ্ঞানেন্দ্ৰই ঘৰৰ সমীপত থকা হাবিয়াল প্ৰাথমিক বিদ্যালয়ৰ ভোট গ্ৰহণ কেন্দ্ৰটোলৈ গৈ ভোটকেন্দ্ৰটোত উপস্থিত ৰাইজক খেদোৱাৰ লগতে প্ৰহাৰো কৰে ।ইয়াৰ পিছত জ্ঞানেন্দ্ৰ ৰাজখোৱা ঘৰলৈ আহে৷ এই সমগ্ৰ ঘটনা নিয়ন্ত্ৰণ কৰিবৰ কাৰণে ঘটনাস্থলীত উপ আৰক্ষী বিষয়া পাৰ্থ প্ৰতিম শইকীয়া,গোলাঘাটৰ অ চি ৰূপজ্যোতি দত্ত উপস্থিত হয় ৷

আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবৰ কাৰণে চেষ্টা কৰে যদিও জ্ঞানেন্দ্ৰ ৰাজখোৱাই আৰক্ষীৰ ফালে চোচাঁ লয় ৷ সেই সময়তে আৰক্ষীয়ে জ্ঞানেন্দ্ৰ ৰাজখোৱালৈ লক্ষ্য কৰি গুলী কৰে। গুলী জ্ঞানেন্দ্ৰ ৰাজখোৱাৰ ভৰিত লাগে । ইয়াৰ পিছত জ্ঞানেন্দ্ৰক গোলাঘাটৰ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰাই যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে ৷

উল্লেখ্য যে,সম্প্ৰতি এই ঘটনাই জোকাৰি গৈছে সমগ্ৰ গোলাঘাট ৷ অঞ্চলটোৰ স্থানীয় বাসিন্দাই ঘটনাটোৰ উচিত তদন্ত বিচাৰিছে ৷লগতে আৰক্ষীয়ে মানসিকভাৱে বিকাৰ গ্ৰস্ত জ্ঞানেন্দ্ৰক গুলী নকৰি অন্য বেলেগ ব্যৱস্থা ল’ব পাৰিলহেতেঁন বুলিও মন্তব্য কৰে স্থানীয় ৰাইজে ৷

অধিক খবৰৰ বাবে পঢ়ক: শীৰ্ষ বাতৰি

Next Story
চাকৰি