Begin typing your search above and press return to search.

প্ৰাক্তন প্ৰতিৰক্ষা মন্ত্ৰী আৰু বৰ্তমানৰ গোৱাৰ মুখ্যমন্ত্ৰী মনোহৰ পাৰিকৰৰ দেহাৱসান

প্ৰাক্তন প্ৰতিৰক্ষা মন্ত্ৰী আৰু বৰ্তমানৰ গোৱাৰ মুখ্যমন্ত্ৰী মনোহৰ পাৰিকৰৰ দেহাৱসান

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  18 March 2019 6:12 AM GMT

গুৰুত্বৰ ভাবে অসুস্থ হৈ থকা গোৱাৰ মুখ্যমন্ত্ৰী মনোহৰ পাৰিকৰৰ দেহাৱসান । দেওবাৰে সন্ধিয়া দেহাৱসান মুখ্যমন্ত্ৰী গৰাকীৰ । ৬৩ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে মনোহৰ পাৰিকৰে । দীৰ্ঘ দিন ধৰি অগ্নাশয় ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল মনোহৰ পাৰিকৰ|

গোৱাৰ মুখ্যমন্ত্ৰী মনোহৰ পাৰিকৰৰ দেহাৱসানৰ পাছতে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে গভীৰ শোক প্ৰকাশ কৰিছে । মনোহৰ পাৰিকৰে সমগ্ৰ দেশৰ লগতে গোৱা বাসী বাবে যি অবদান দি গৈছে সেয়া দেশবাসীয়ে সদায় মনত ৰাখিব বুলি টুইটাৰযোগে প্ৰকাশ কৰে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে ।

প্ৰতিৰক্ষা মন্ত্ৰী নিৰ্মলা সীতাৰমনেও প্ৰাক্তন প্ৰতিৰক্ষা মন্ত্ৰী মনোহৰ পাৰিকৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে । এজন সত, নিষ্ঠাবান ৰাজনৈতিক নেতা আছিল মনোহৰ পাৰিকৰ। শ্ৰী মনোহৰ পাৰিকৰৰ পৰা যথেষ্ট খিনি শিকিবলৈ সুবিধা লাভ কৰাৰ লগতে মনোহৰ পাৰিকৰৰ প্ৰতিৰক্ষা মন্ত্ৰী হৈ থকা সময়ত দেশৰ সেনা বাহিনীৰ উন্নয়নৰ ক্ষেত্ৰত তেওঁৰ অবদান যথেষ্ট বুলি প্ৰকাশ কৰে । তেওঁৰ অবদান চিৰস্মৰণীয় বুলি টুইটাৰযোগে প্ৰকাশ কৰে প্ৰতিৰক্ষা মন্ত্ৰী নিৰ্মলা সীতাৰমনে।

কেন্দ্ৰীয় মন্ত্ৰী সুৰেশ প্ৰভুয়েও গভীৰ শোক প্ৰকাশ কৰিছে গোৱাৰ মুখ্যমন্ত্ৰী মনোহৰ পাৰিকৰৰ মৃত্যুত । মেটালাৰ্জিকেল ইঞ্জিনিয়াৰিঙত স্নাতক ডিগ্ৰীধাৰী মনোহৰ পাৰিকৰে দেশৰ প্ৰথম মুখ্যমন্ত্ৰী আছিল বুলি উল্লেখ কৰে সুৰেশ প্ৰভুয়ে।

প্ৰায় এক বছৰ অগ্নাশয় ৰোগত আক্ৰান্ত হৈ থকা গোৱাৰ মুখ্যমন্ত্ৰী মনোহৰ পাৰিকৰৰ দেহাৱসানত কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীয়ে গভীৰ শোক প্ৰকাশ কৰিছে । মনোহৰ পাৰিকৰ গোৱাৰ এজন জনপ্ৰিয় সন্তান আছিল বুলি প্ৰকাশ কৰে, লগতে তেওঁৰ পৰিয়াল বৰ্গলৈও গভীৰ সমবেদনা জ্ঞাপন কৰে ৰাহুল গান্ধীয়ে ।

প্ৰিয়াংকা গান্ধীয়েও গভীৰ শোক প্ৰকাশ কৰিছে গোৱাৰ মুখ্যমন্ত্ৰী মনোহৰ পাৰিকৰৰ মৃত্যুত ।

গভীৰ শোক প্ৰকাশ ৰাজ্যপাল মৃদুলা সিনহাৰো।

৬৩ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে মনোহৰ পাৰিকৰে । গোৱাৰ দশম মুখ্যমন্ত্ৰী আছিল পাৰিকৰ।মোডীয়ে শাসনৰ গাদী দখল কৰাৰ পিছত ২০১৪-১৭লৈ প্ৰতিৰক্ষা মন্ত্ৰী আছিল পাৰিকৰ |উত্তৰ প্ৰদেশৰ ৰাজ্যসভাৰ সাংসদো আছিল। ১৯৫৫ৰ ১৩ ডিচেম্বৰত গোৱাৰ মাপুছাত জন্ম হৈছিল মনোহৰ পাৰিকৰৰ। IIT বম্বেৰ স্নাতক আছিল মনোহৰ পাৰিকৰ। মেটালাৰ্জিকেল ইঞ্জিনিয়াৰিঙৰ স্নাতক আছিল মনোহৰ পাৰিকৰ। ২৬ বছৰ বয়সত RSSৰ সংঘচালক ৰূপে কাৰ্যভাৰ গ্ৰহণ কৰিছিল ।১৯৯৪ত প্ৰথমবাৰলৈ গোৱা বিধানসভালৈ নিৰ্বাচিত হৈছিল পাৰিকৰ।

১৯৯৯ত বিধানসভাৰ বিৰোধী দলপতি আছিল। ২০০০ত প্ৰথমবাৰলৈ বিজেপিৰ পৰা গোৱাৰ মুখ্যমন্ত্ৰী ৰূপে নিৰ্বাচিত হৈছিল ।

আজি ৰাষ্ট্ৰীয় মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হ’ব গোৱাৰ দশম মুখ্যমন্ত্ৰী মনোহৰ পাৰিকৰৰ। আজি ৰাষ্ট্ৰীয় শোক ঘোষণা কেন্দ্ৰীয় চৰকাৰৰ। গোৱাত ৭ দিনলৈ ৰাষ্ট্ৰীয় শোক ঘোষণা কৰা হৈছে। মনোহৰ পাৰিকৰৰ দেহাৱসানৰ পিছতে এই সিদ্ধান্ত গ্ৰহণ। অৰ্ধনমিত কৰি ৰখা হ’ব ৰাষ্ট্ৰীয় পতাকা।

অধিক খবৰৰ বাবে পঢ়ক :শীৰ্ষ বাতৰি

Next Story
চাকৰি