Begin typing your search above and press return to search.

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ কটাক্ষ বিজেপিক

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ কটাক্ষ বিজেপিক

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  21 April 2019 8:46 AM GMT

প্ৰাক্তন মুখ্যমুন্ত্ৰী তৰণ গগৈয়ে দাবী কৰে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ লোকপ্ৰিয়তা সম্প্ৰতি হ্ৰাস পাইছে ৷ শনিবাৰে এখন সংবাদমেলৰ আয়োজন কৰি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰণ গগৈয়ে কয় এনআৰচিৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ মোডী চৰকাৰ বিফল হৈছে ৷

ইফালে অবৈধ অনুপ্ৰবেশকাৰীসকল নিৰ্বাসন কৰাৰ কথা উত্থাপন কৰি প্ৰাক্তন মুখ্যমন্ত্ৰী গগৈয়ে প্ৰশ্ন কৰে যে চৰকাৰে নিৰ্বাসন কেতিয়া আৰম্ভ কৰিব ? ২০১৪ চনৰ নিৰ্বাচনত বিজেপি শাসনলৈ আহিলে ১৬মে’ত অবৈধ বাংলাদেশীয়ে টালি টোপোলা বান্ধিব লাগিব বুলি কৈছিল ৷ কিন্তু বাস্তৱত সেয়া হৈ নুঠিল ৷

এন আৰ চিৰ সন্দৰ্ভত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমৃত শ্বাহে মন্তব্য কৰে ৪০ লাখ বাংলাদেশীক চিনাক্ত কৰা হৈছে ৷যদি এই কথা সত্য তেন্তে /নিৰ্বাচনত তেওঁলোকৰ নাম কেনেদৰে সন্নিবিষ্ট হৈছে ৷ বাস্তৱত সকলোৱে এই সন্দৰ্ভে জানিবৰ কাৰণে ইচ্ছুক ৷প্ৰাক্তন মুখ্যমন্ত্ৰী গগৈয়ে দাবী কৰে য়ে ২০১৪ চনৰ মোডীৰ লোকপ্ৰিয়তা ,২০১৯ ৰ নিৰ্বাচনত হ্ৰাস পাইছে ৷

২০১৫ চনত মোডীয়ে জয় লাভ কৰিলে যদিও ২০১৯ চনত মোডীয়ে পৰাজয় বৰণ কৰিব ৷ ইফালে নেডাৰ আহ্বায়ক মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু ৰঞ্জিত দাসক কটাক্ষ কৰি তৰুণ গগৈয়ে কয় যে, হিমন্ত বিশ্ব শৰ্মা আৰু ৰঞ্জিত দাসে ধুবুৰী আৰু বৰপেটালৈ গ’লে বাংলাদেশলৈ যোৱা যেন অনুভৱ হয় বুলি মন্তব্য কৰে। তেওঁলোকে ভাতৃত্বৰ ভাৱত আঘাত হানিছে।

লগতে বিজেপিৰ সম্পত্তিৰ পৰিমাণ বৃদ্ধি হোৱাৰ কথা উল্লেখ কৰে ৷গগৈয়ে প্ৰত্যাহ্বান দিয়ে যে যদি বিজেপিয়ে ২০০১ ৰ পৰা বৰ্তমানলৈকে সম্পত্তিৰ পৰিমাণ ঘোষণা কৰে ,তেন্তে কংগ্ৰেছ তেনেধৰণৰ পদক্ষেপ হাতত ল’ব । আৰু ইয়াৰ দ্বাৰাই সকলো কথা স্পষ্ট হৈ পৰিব।

অন্য খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি