Begin typing your search above and press return to search.

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ সংবাদমেল: লোকসভা নিৰ্বাচনত অসমবাসীৰ সহাঁৰিৰ বাবে ধন্যবাদ গগৈৰ

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ সংবাদমেল: লোকসভা নিৰ্বাচনত অসমবাসীৰ সহাঁৰিৰ বাবে ধন্যবাদ গগৈৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  25 April 2019 11:24 AM GMT

আজি দিছপুৰৰ হোটেলৰ ৰিভিয়েৰাত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে সংবাদমেল সম্বোধন কৰে ।লোকসভা নিৰ্বাচন সফলভাৱে অনুষ্ঠিত হৈ যোৱা বাবে অসমবাসী ৰাইজ আৰু সকলো ভোটাৰৰ লগতে নিৰ্বাচনী আয়োগক ধন্যবাদ জনায় তৰুণ গগৈয়ে|

সংবাদমেলত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে মন্তব্য কৰে যে "নাগৰিকত্ব সংশোধনী বিধেয়কখন অামি তৃণমূল পৰ্যায়লৈ নিব নোৱাৰিলো। বিভিন্ন দল সংগঠনে যিমান প্ৰতিবাদ কৰিছিল কোনোৱে বিলখন তৃণমূল পৰ্যায়লৈ নিব নোৱাৰিলে" বুলি প্ৰকাশ কৰে ।

আনহাতে অমিত শ্বাহে নাগৰিকত্ব সংশোধনী বিধেয়ক খন প্ৰথমে আনিব আৰু এন আৰ চি খন দ্বিতীয়তে কৰিব বুলি কৰা মন্তব্যৰ গগৈয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে উত্তৰ পূৱৰ মানুহক যদি আওকান কৰে সেয়া দেশৰ কাৰণে ভাল নহয়। অসমৰ মানুহে কথা কম কয় কিন্তু অসমৰ মানুহৰ আত্মসন্মান আছে।" বিজেপিক কঠোৰভাৱে সমালোচনা কৰি তৰুণ গগৈয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক কামিহাড় নাইকিয়া আৰু প্ৰকৃত অসমীয়া নহয় বুলি মন্তব্য কৰে। উল্লেখযোগ্য যে বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্য্যক লৈ হিমন্ত বিশ্ব শৰ্মা আৰু সৰ্বানন্দ সোনোৱালে মোডীক পূজা কৰিবলৈ আৰম্ভ কৰিছে বুলিও উল্লেখ কৰে তৰুণ গগৈয়ে।

সমগ্ৰ দেশ জুৰি চৰ্চিত হোৱা অক্ষয় কুমাৰে নৰেন্দ্ৰ মোডীক লোৱা সাক্ষাৎকাৰ তোৰ ওপৰত গগৈয়ে মন্তব্য কৰি কয়, "ইন্টাৰভিউ এখন নাটক, এইটো এটা ফিক্সাৰ। নিৰ্বাচনৰ সময়ত ৰাইজৰ বাবে কি কৰিলে সেয়া কবলৈ ৫ বছৰে সাংবাদিকৰ সন্মুখীন হবলৈ সাহস নকৰিলে।"

উল্লেখযোগ্য যে লোকসভা নিৰ্বাচনত কংগ্ৰেছে ৮ সমষ্টিত জয়লাভ কৰিৱ বুলি উল্লেখ কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে। কংগ্ৰেছ দলক নাগৰিকত্ব সংশোধনী বিধেয়ক খনে যিমান লাভান্বিত কৰিৱ লাগিছিল সিমান নকৰিলে বুলি উল্লেখ কৰে তৰুণ গগৈয়ে।

অন্য খবৰৰ বাবে পঢ়ক :ৰাজ্যিক বাতৰি

Next Story
চাকৰি