Begin typing your search above and press return to search.

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছ পুনৰ গঠন হোৱাৰ পোষকতা কৰে

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছ পুনৰ গঠন হোৱাৰ পোষকতা কৰে

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  27 May 2019 12:02 PM GMT

২০১৯ ৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছে চৰম পৰাজয় বৰণ কৰাৰ পাছত আজি অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ভাৰতৰ ৰাষ্ট্ৰীয় কংগ্ৰেছ পুনৰ গঠন কথা প্ৰকাশ কৰে।

আজি গুৱাহাটীৰ মন্ত্ৰীৰ কলনিত এখন সংবাদমেল সম্বোধন কৰি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে প্ৰকাশ কৰে যে দলে ৰাইজৰ ৰায় মানি লৈছে । লগতে ভাৰতীয় জনতা পাৰ্টিয়ে ২০১৯ লোকসভা নিৰ্বাচনৰ জিকিবৰ কাৰনে বিভিন্ন কৌশল অবলম্বন কৰিছিল বুলি কয় ।

লগতে তৰুণ গগৈয়ে নৰেন্দ্ৰ মোদীক প্ৰশ্ন কৰে যে," যদি মোদীয়ে ভাৰতীয় সংবিধানক বিস্বাস কৰে, তেনে কেনেকৈ ২০১৬ ৰ নাগৰিকত্ব সংশোধনি বিধেয়ক খন গৃহীত হবলৈ দিব পাৰে?"

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে লগতে কয় যে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ আৰু অন্যান্য সকলে ধৰ্মৰ নামত ভাবুকিৰ সৃষ্টি কৰিছে। লগতে প্ৰশ্ন কৰে যে কিমান সংখ্যা লঘূ নেতায়ে এইবাৰ লোকসভা নিৰ্বাচনত জয়ী হবলৈ সক্ষম হৈছে?

গুৱাহাটী লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ববিতা শৰ্মাক প্ৰসংশা কৰি কয় যে কুইন ওজাতকৈ ববিতা শৰ্মা যোগ্য প্ৰাৰ্থী। "কুইন ওজাৰ দৰে সাংসদে সংসদত নিমাতী কন্যা হৈ থাকিব বুলিও সমালোচনা কৰে তৰুণ গগৈয়ে। " ধৰ্মীয় আবেগৰ বিৰুদ্ধে যুঁজ দিয়াটো ইমান সহজ নহয় বুলিও প্ৰকাশ কৰে তৰুণ গগৈয়ে ।

অসমৰ জলন্ত সমস্যাৰ কথা উল্লেখ কৰি তৰুণ গগৈয়ে কয় যে কেন্দ্ৰীয়ে অসমৰ বানপানী, গৰাখহনীয়া আদি গুৰুত্ব নিদিয়ে । বৰ্তমানলৈ ইয়াৰ বাবে ধন মুকলি কৰি দিয়া নাই বুলি কয় অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে।

অধিক খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

Next Story
চাকৰি