পাচ বাৰৰ বিশ্ব চেম্পিয়নশ্বিপ খিতাপ অৰ্জন কৰা এম চি মেৰিকমে ২০১৮ বৰ্ষৰ বিশ্ব চেম্পিয়নশ্বিপ বক্সিং প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰে।
৪৮ কিলোগ্ৰাম শাখাৰ ছেমিফাইনেলত মেৰিকমে দক্ষিণ কোৰিয়াৰ কিম হিয়াং কিমক হৰুৱাই সোণ বা ৰূপৰ পদক নিশ্চিত কৰে।
ইয়াৰ আগতে মেৰিকমে বিশ্ব বক্সিং চেম্পিয়নশ্বিপ প্ৰতিযোগিতাত ৫ টা সোণৰ পদক আৰু এটা ৰূপৰ পদক অৰ্জন কৰিছিল। ফাইনেলত মেৰিকমে ইউক্ৰেনৰ হেনা আখোটাৰ বিপক্ষে প্ৰতিদ্বন্দিতা আগবঢ়াব।