লোকপ্ৰিয় গোপিনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা যাব লগীয়া ফেনি ঘূৰ্ণি বতাহৰ বাবে ২৩ খন বিমান বাতিল কৰা হৈছে ।
ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰয়ে পৰামৰ্শ দিছে যে আজি ৩ বজাৰ পৰা ৪ মেৰ পুৱা ৮ বজালৈকে বিমান বাতিল কৰিবলৈ।
সুত্ৰয়ে জনোৱা মতে শুকুৰবাৰে গুৱাহাটী আহি উপস্থিত হব লগা ৯ খন বিমান বাতিল কৰা হৈছে । গুৱাহাটীৰ পৰা যাব লগা ১৪ খন বিমানো বাতিল কৰা হৈছে ।
অসমত ফেনি ঘূৰ্ণি বতাহৰ বাবে ৪০ টা বিভিন্ন স্থানত এচ ডি আৰ এফ সাজু হৈ আছে বুলি প্ৰকাশ কৰে । অগ্নি আৰু জৰুৰী ব্যৱস্থাপনা বিভাগৰ জিলা অধক্ষ্য জয়শ্ৰী খেৰশ্বৰীয়ে প্ৰকাশ কৰে যে অসমত ফেনি ঘূৰ্ণি বতাহে ৩০-৪০ কিলোমিটাৰ বেগেৰে চুই যাব আৰু অসমৰ কোকৰাঝাৰ, বঙাইগাঁও, চিৰাং, ধুবুৰী, বৰপেটা, লক্ষিমপুৰ, তিনিচুকীয়া আৰু ডিব্ৰুগড় আদিত ধাৰাষাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে ।
এচ ডি আৰ এফে ট'ল ফ্ৰি হেল্প লাইন নম্বৰ মুকলি কৰিছে । নম্বৰ কেইটা হৈছে-১০১, ০৩৬১-২৭৩৭৬৮০, ২৭৩৫৯৩৩, ২৫১১৩২৯ আৰু ওৱাচ আপ নম্বৰ- ৯৪৩৫৬০৬১৮।
৪ মেত ধুবুৰী, কোকৰাঝাৰ, গোৱালপাৰা, বঙাইগাঁও, চিৰাং , বৰপেটা, কামৰূপ আৰু ওদালগুৰিত ধাৰাষাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে । শালমৰা মানকাছাৰ আৰু বাক্সা জিলাত অধিক বৰষুণ হব বুলি প্ৰকাশ কৰে ।
নলবাৰী, কামৰূপ, দেৰগাঁও , মৰিগাঁও , শোণিতপুৰ, কাছাৰ আৰু কৰিমগঞ্জ আদিত ফেনি ঘূৰ্ণি বতাহৰ ফলত পাতলীয়াকৈ বৰষুণ হব বুলি প্ৰকাশ কৰিছে ।
৫ মেত বঙাইগাঁও, চিৰাং, বৰপেটা, নলবাৰী, বাক্সা, শোণিতপুৰ, ওদালগুৰিত ধাৰাষাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে । আনহাতে ধুবুৰী, কোকৰাঝাৰ, গোৱালপাৰা, কামৰূপ, শালমৰা মানকাছাৰ, নগাঁও, হোজাইত আদিতো ঘূৰ্ণি বতাহৰ ফলত বৰষুণ হোৱাৰ সম্ভাৱনা আছে ।
অন্য খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি