Begin typing your search above and press return to search.

বগা ৰঙৰ পোচাকেৰে কান্স চলচ্চিত্ৰ মহোৎসৱত বলীউডৰ সুন্দৰী ঐশ্বৰ্য্য ৰায় বচ্চন

বগা ৰঙৰ পোচাকেৰে  কান্স চলচ্চিত্ৰ মহোৎসৱত বলীউডৰ সুন্দৰী ঐশ্বৰ্য্য ৰায় বচ্চন

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  21 May 2019 12:59 PM GMT

বলীউডৰ অভিনেত্ৰী ঐশ্বৰ্য্য ৰায় বচ্চনে দ্বিতীয় বাৰৰ কাৰণ Cannes film festival ত প্ৰবেশ কৰিছে ৷ বগা ৰঙৰ এটি গাউন পৰিধান কৰি যোৱা ঐশ্বৰ্য্যক লৈ সম্প্ৰতি চৰ্চাৰ অন্ত নাই অনুৰাগীসকলৰ মাজত ৷ কাৰণ কান্স চলচ্চিত্ৰ মহোৎসৱত ঐশ্বৰ্য্য পদাৰ্পন কৰাৰ লগে লগে সংবাদমাধ্যমে আগুৰি ধৰে সুন্দৰী অভিনেত্ৰীগৰাকীক ৷

আশী ষ্টুডিঅ’ৰ পৰা লোৱা বগা ৰঙৰ গাউনটোৱে ঐশ্বৰ্য্যক অতি মোহনীয় লাগিছিল ৷ তাৰ লগতে বগা আৰু ক’লা ৰঙৰ কাণফুলী,খোপা, মুখত সামান্য প্ৰসাধন আৰু ওঁঠত সামান্য লিপষ্টিকেৰে ঐশ্বৰ্য্য নিজৰ লুক কমপ্লিট কৰিছিল ৷ ইফালে ঐশ্বৰ্য্য প্ৰথমতে ৰঙা আৰু বগা ৰঙৰ অফ চ’ল্ডাৰ ড্ৰেছত দেখিবলৈ পোৱা গৈছিল ৷ ঐশ্বৰ্য্য ৰায় বচ্চনৰ উপৰিও বলীউডৰ অভিনেত্ৰী কংগনা ৰাণাউট উপস্থিত হ’লগৈ ৭২ সংখ্যক কান্স ছবি মহোৎসৱত ৷

বৃহস্পতিবাৰে ৰেড কাৰ্পেটত ৱাক কৰিবৰ কাৰণে কংগনাই ডিজাইনাৰ ফাল্গুনী আৰু শেন পীকাৰ্কৰ কাঞ্জীভৰম শাড়ী পৰিধান কৰি উপস্থিত হ’লগৈ ছবি মহোৎসৱত ৷ ইয়াৰ উপৰিও কান্স ছবি মহোৎসৱৰ পিছত হোৱা পাৰ্টিত Nedret Taciroglu ৰ চ্যুট পৰিধান কৰে কংগনা ৰানাউটে ৷ সম্প্ৰতি কংগনা ৰানাউটৰ প্ৰতিখন ফ’টো ছ’চিয়েল মিডিয়াত বিয়পি পৰিছে ৷

সৰু পৰ্দাৰ জনপ্ৰিয় নায়িকা তথা অভিনেত্ৰী হিনা খানে প্ৰথম বাৰৰ কাৰণে কান্স ছবি মহোৎসৱত খোজ পেলাইছে ৷ আৰু সম্প্ৰতি হিনা আছে চৰ্চাৰ শীৰ্ষত ৷ ইতিমধ্যে হিনা খান ইনষ্টাগ্ৰামৰ জৰিয়তে এটি ভাবুক প’ষ্ট অনুৰাগীসকলৈ আগবঢ়াইছে ৷ ইয়াৰ লগতে বলীউড তথা হলীউডৰ অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাক প্ৰাণ ভৰি প্ৰশংসা কৰিছে ৷ দৰাচলতে দেওবাৰে নিশা এক অনুষ্ঠানত অংশগ্ৰহণ কৰিবৰ কাৰণে প্ৰিয়াংকা চোপ্ৰা আৰু স্বামী নিক জ’নাছে হিনা খানক ব্যক্তিগত ভাৱে আমন্ত্ৰণ জনাইছিল ৷

বলীউডৰ অভিনেত্ৰী হুমা কুৰেশীয়ে কান্স ছবি মহোৎসৱত প্ৰথম খোজ পেলাই ৷কিন্তু প্ৰথম প্ৰবেশ কৰিয়েই হুমাই দৃষ্টি আকৰ্ষণ কৰিছে ৷ হলীউডৰ চেলীব্ৰেট্টীৰ দৰে হুমাই গৌৰৱ গুপ্তা গ্ৰে ৰফল্ড গ্ৰাউন পৰিধান কৰিছে ৷ হুমাই কান্স ছবি মহোৎসৱৰ কিছু ফ’টো ইনষ্টাগ্ৰাম একাউন্টত শ্বেয়াৰ কৰিছে ৷

সীমিত পৰিমাণৰ প্ৰসাধন আৰু নীলা কাণফুলিৰে হুমাক অত্যন্ত ধুনীয়া লাগিছে ৷ লগতে হুমাক প্ৰিয়ংকা চোপ্ৰা আৰু নিক জ’নাছৰ লগত এটি পাৰ্টিত দেখা গৈছিল ৷ পাৰ্টিটোত হুমা ক’লা ৰঙৰ পোচাক পৰিধান কৰিছে ৷

অন্যহাতে,কান্স ছবি মহোৎসৱত হুমা কুৰেশীৰ উপৰিও প্ৰিয়ংকা চোপ্ৰা,ঐশ্বৰ্য ৰায় বচ্চন,কংগনা ৰানাউট,দীপিকা পাডুকন,হিনা খানে,ডাইনা পেন্টিও পদাৰ্পন কৰিছে ৷

অন্য খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন

Next Story