Begin typing your search above and press return to search.

বগীবিল দলং উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে

বগীবিল দলং উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  24 Dec 2018 1:19 PM GMT

ৰাতিপুৱালেই উদ্বোধন কৰা হব ভাৰত বৰ্ষৰ আটাইতকৈ দীঘল ৰেল আৰু মটৰ চলাচল কৰিব পৰা নদী দলং বগীবিল। সুদীৰ্ঘ ১৬ বছৰীয়া অপেক্ষাৰ অন্ত পৰিব মংগলবাৰে। এই দলং উদ্বোধনক কেন্দ্ৰ কৰি উত্তৰ-পূৱ সীমান্ত ৰেলৱে আৰু অসমৰ আৰক্ষী প্ৰশাসনৰ ব্যস্ততাৰ অৱসান নাই। নহবই কিয় উত্তৰ-পূৰ্বাঞ্চল আৰু অসমৰ সপোনৰ বগীবিল দলং আনুষ্ঠানিক ভাবে ফিতা কাটি উদ্বোধন কৰিব দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। এই কাৰ্য্যসূচীক কেন্দ্ৰ কৰি আৰক্ষী প্ৰশাসনৰ ৰাতিৰ টোপনি হৰিছে। নিৰাপত্তাৰ ক্ষেত্ৰত কোনো সুৰুঙা ৰাখিব বিছৰা নাই আৰক্ষী প্ৰশাসনে। প্ৰধান মন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্তত থকা এচপিজি ৰ বিষয়া সকল দুই তিনিদিন ধৰি দলংখন উদ্ধোধন হব লগীয়া অঞ্চলটোত বাহৰ পাতি আছে।

উল্লেখ্য বিদ্ৰোহী অঞ্চলৰ ঘাটি হিচাপে পৰিচিত অঞ্চলটোত নিৰাপত্তাৰ দিশ চোৱাচিতা কৰাটো একপ্ৰকাৰ নিৰাপত্তা বাহিনীৰ বাবে প্ৰত্যাহবান স্বৰুপ হৈ পৰিছে।ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মান কৰা দেশৰ সৰ্ববৃৎ ৰেল আৰু মটৰ গাড়ী চলাচল কৰিব পৰা দলংখনৰ দৈৰ্ঘ হৈছে ৪.৯৪ কিলোমিটাৰ। দলংখনৰ ওপৰ অংশত আছে তিনি লাইন যুক্ত গাড়ী চলাচল কৰিব পৰা সুন্দৰ ৰাস্তা, তলৰ অংশত আছে ব্ৰডগজ ৰেল লাইন। উল্লেখ্য যে দলংখন উদ্বোধন কৰাৰ সময়ত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ লগত উপস্থিত থাকিব অসমৰ ৰাজ্যপাল জগদীশ মুখী, অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰেল বিভাগৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰাজেন গোহাই আৰু অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু। ৰাতিপুৱা ১১ বজাত উদ্বোধনী অনুষ্ঠান আৰম্ভ হব। এই দলংখনে অসমৰ ডিব্ৰুগড় জিলাৰ লগত অৰুণাচল প্ৰদেশৰ ইটানগৰক সংযোগ কৰিব। বগীবিল দলংখন নিৰ্মান হোৱাৰ ফলত প্ৰায় ৭০৫ কিলোমিটাৰ দৈৰ্ঘৰ যাত্ৰা পথ চমু হৈ পৰিব। অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ইতিমধ্যে বগীবিল দলং উদ্বোধনৰ নিৰাপত্তাৰ বুজ লৈছে আৰু অসম চৰকাৰে সকলো কাম নিয়াৰিকৈ সমাপন কৰাৰ বাবে বদ্ধ পৰিকৰ বুলি মন্তব্য কৰে। কাইলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উৰাজাহাজেৰে বৰঝাৰ বিমান বন্দৰত উপস্থিত হৈ তাৰপৰা ব্যক্তিগত হেলিকপ্তাৰেৰে ডিব্ৰুগড়লৈ ৰাওনা হব।

ইতিমধ্যে ৰাজ্যত দলং খনৰ নামকৰণকলৈ যথেষ্ট বিতৰ্কৰ সূত্ৰপাত হৈ আহিছে। বহুতেই দলং খন প্ৰথম আহোম স্বৰ্গদেউ চুকাফাৰ নামেৰে নামাকৰণ কৰাৰ বাবে দাবী কৰাৰ বিপৰীতে চুতীয়া দল, সংগঠন সমূহে দলংখন চুতীয়া ৰাণী সতী সাধনীৰ নামেৰে নামাকৰণ কৰাৰ বাবে দাবী জনাইছিল। ইয়াৰ পূৰ্বেই ভাৰতীয় জনতা পাৰ্টিৰ সমৰ্থক সকলে দলংখন প্ৰয়াত প্ৰধান মন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ নামেৰে নামাকৰন কৰাটো বিছাৰিছিল। নাম যিয়েই নহওক কাইলৈ বহু প্ৰতিক্ষিত বগীবিল দলংখন উদ্বোধন হোৱাৰ পিছত অঞ্চলটোৰ জনসাধাৰণৰ দীৰ্ঘদিনীয়া সমস্যা এটাৰ স্থায়ী সমাধান হব সেয়া নিশ্চিত।সেয়েহে অসম আৰু অৰুণাচলৰ জনসাধাৰণে কাইলৈৰ ৰাতিপুৱাৰ সুৰুযলৈ অপেক্ষা কৰিছে। আকৌ নতুন প্ৰভাত হব, সকলোৰে আশাৰ বগীবিল দলংখনক লৈ এয়া সময় ভবিষ্যতক চোৱাৰ।

অধিক খবৰৰ বাবে পঢ়ক শীৰ্ষ বাতৰি

Next Story
চাকৰি