Begin typing your search above and press return to search.

বটদ্ৰবাত তিনিটাকৈ গুৰুত্বপূৰ্ণ পথৰ আধাৰশিলা বিধায়িকা আঙুৰলতাৰ

বটদ্ৰবাত তিনিটাকৈ গুৰুত্বপূৰ্ণ পথৰ আধাৰশিলা বিধায়িকা আঙুৰলতাৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  3 Sep 2018 7:05 AM GMT

প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনা ভাৰতৰ স্বনামধন্য প্ৰাক্তন প্ৰধানমন্ত্ৰী প্ৰয়াত অটল বিহাৰী বাজপেয়ী দূৰদৰ্শীতাৰ উৎকৃষ্ট ফচল- এই মন্তব্য বটদ্ৰৱাৰ বিধায়িকা আঙুৰলতাৰ ডেকাৰ। আজি জন্মাষ্টমীৰ পৱিত্ৰ দিনটোত বটদ্ৰবা সমষ্টিৰ অন্তৰ্গত নগাও বাৰপূজীয়া সংযোগী পথৰ পৰা পশ্চিম গোঁসাই বড়ি,খালৈগাও, দলংঘাটৰ পৰা বৰহোলোং আৰু ধিং পথৰ পৰা উত্তৰ ৰাইদঙীয়া ২নং সংযোগী পথ তিনিটাৰ নিৰ্মাণকাৰ্যৰ আধাৰশিলা স্থাপন কৰে বিধায়িকা আঙুৰলতা ডেকাই।

২.৯১ কোটি টকাৰ ব্যয় সাপেক্ষে পথ নিৰ্মাণ হ'ব লগা পথ তিনিটাৰ কামৰ শুভাৰম্ভনি কৰি বিধায়িকা গৰাকীয়ে নিজৰ ভাষনত কয় যে কামৰ উৎকৃষ্টতা অনুসৰি নিৰ্মাণ কাৰ্যত জড়িত ঠিকাদাৰ সকলে পুৰস্কাৰ লাভ কৰিব।আৰু উন্নত মানৰ কাম সম্পন্ন নকৰা কোনো ঠিকাদাৰ ৰাজহুৱা শাস্তিৰ সন্মুখীন হোবাৰ সম্ভাৱনা আছে।নিৰ্মাণ কাৰ্য চোবাচিতাৰ বাবে বিষয়া সকলৰ উপৰি স্হানীয় ৰাইজক এই দাযিত্ব অৰ্পণ কৰা হৈছে।

পথ নিৰ্মানৰ আধাৰশিলা অনুষ্ঠানত গড়কাপ্তানি বিভাগৰ সহকাৰী কাৰ্য্যবাহী অভিযন্তা অজিত মেধি ,কনিষ্ঠ অভিজন্তা অসীম নাথ,অ গ প নেতা লাচিত বৰদলৈ ,বিজেপিৰ কৰ্মি ৰীতা ভূ্ঞা প্ৰমূখ্য নেতা -কৰ্মী আৰু স্থানীয় ৰাইজ উপস্হিত থাকে।

Next Story
চাকৰি