সম্প্ৰতি অভিনেতা সুশান্ত সিং ৰাজপুতৰ (sushant singh rajput) ভাগ্য যেন উদয় হৈছে৷ কাৰণ নতুন বৰ্ষত সুশান্তৰ লগত আছে বহু কেইখন ছবি ৷ তাৰ ভিতৰত অন্যতম হৈছে "চন্দ্ৰা মামা দূৰ কে"৷ এই ছবিখনৰ সন্দৰ্ভত সুশান্ত সিং ৰাজপুতে কয় যে যদি তাৰিখ ঠিক কৰা হয় তেন্তে ছবিখনৰ কাম অতি শীঘ্ৰেই আৰম্ভ কৰা হ’ব । লগতে সুশান্তে কয় যে সদ্যহতে মোৰ লগত প্ৰায় ১২ খন ছবি আছে। অৱশ্যে মই সিদ্ধান্ত গ্ৰহণ কৰিব পৰা নাই মই কোনখন ছবিৰ কাম প্ৰথমতে আৰম্ভ কৰোঁ৷ মই অৱশ্যে ভাবিব লাগিব সম্প্ৰতি মই কোনখন ছবিৰ কাম আৰম্ভ কৰিম ৷
ইফালে "চন্দা মামা দূৰ কী"ছবিখনৰ সন্দৰ্ভত সুশান্ত সিং ৰাজপুতে কয় যে ছবিখন নিৰ্মাণ হোৱাৰ সম্ভাৱনা আগৰ পৰাই আছিল ।এই ছবিখনৰ সন্দৰ্ভত সুশান্ত আৰু ডাইৰেক্টৰ সঞ্জয় কুৰণ সিঙে যথেষ্ট আলোচনা কৰিছিল ৷ লগতে কয় যে মই সঞ্জয় কুমাৰ সিঙৰ পৰা বহুত শিকিছোঁ ৷ ছবিখনৰ কাহিনী যথেষ্ট ভাল ৷ ছবিখন নিৰ্মাণ হ’ব লাগে ৷ যদি আমাৰ তাৰিখ ঠিক হয় তেন্তে ছবিখন আমি নিৰ্মাণ কৰিম ৷ মোৰ লগতে বা অন্যান্য কাৰোবাৰ লগত হওক৷ ইফালে সুশান্তৰ লগতে এই মুহুৰ্তত আছে যথেষ্ট ছবি ৷প্ৰথমতে ধৰ্মা প্ৰডাকচনৰ পৰা মুক্তিৰ অপেক্ষাত থকা ছবি ড্ৰাইভত অভিনয় কৰিছে জেকলীন ফাৰ্ণ্ডাজী আৰু সুশান্ত সিং ৰাজপুতে ৷ ছবিখন মুক্তি লাভ কৰিব ২৮ জুনত । সুশান্তৰ চলিত বৰ্ষত মুক্তি পাব লগা ছবি কেইখনৰ প্ৰথমখন হৈছে "সুন চিৰিয়া" ৷ সুশান্ত আৰু ভূমি পাণ্ডনেকৰ একেলগে প্ৰথমবাৰৰ কাৰণে এই ছবিখনত অভিনয় কৰিছে ।১৯৭৯ চনৰ চৱলৰ পৃষ্ঠভূমিত "সুন চিৰিয়ো"ছবিখন নিৰ্মাণ কৰা হৈছে । ছবি খন নিৰ্দেশনা কৰিছে অভিষেক চোৱে ৷
উল্লেখ্য যে অভিষেক চোৱেই "ওৰতা পাঞ্জাৱ," "ড়েৰ ইক্সিয়া", আদি ছবি নিৰ্দেশন কৰিছে। দ্বিতীয় খন ছবি হৈছে "কিজী আৰু মোনী" ৷ হলীউডৰ "দ্য ফ্লাইট ইন আৱাৰ ষ্টাৰ্ছ" ছবিখনৰ ৰিমেক কিজী আৰু মোনীত অভিনয় কৰিব সুশান্ত সিং ৰাজপুত আৰু নৱাগত অভিনেত্ৰী সঞ্জনা সান্ধীয়ে। ছবি প্ৰযোজনা কৰিব মুকেশ ছাৱড়াই ৷ চতুৰ্থখন ছবি হৈছে "ছিছোৰে"৷ প্ৰসিদ্ধ ছুপাৰহিট ছবি ’দঙ্গল"ৰ নিৰ্দেশক নিতেশ তিৱাৰীৰ ছবি "ছিছোৰে"ত সুশান্ত সিঙ ৰাজপুতৰ লগত অভিনয় কৰিছে শ্ৰদ্ধা কাপুৰ,বৰুণ শৰ্মা,প্ৰতীক বাব্বৰ ,তাহিৰ ৰাজ ভসিনে ৷ছবি খনে মুক্তি লাভ কৰিব ৩০ আগষ্টত ৷পঞ্চম খন ছবি হৈছে "তকড়ম" ৷ এই ছবিখনত সুশান্তৰ লগত অভিনয় কৰিব পৰিনীতি চোপ্ৰাই । হোমী অদজানিয়াৰ নিৰ্দেশনাৰে নিৰ্মিত হ’ব লগীয়া ছবিখনত পৰিণীতি আৰু সুশান্তে দ্বিতীয় বাৰৰ কাৰণে অভিনয় কৰিব ।ইয়াৰ পূৰ্বে সুশান্ত আৰু পৰিনীতিয়ে "শুদ্ধ দেশী ৰোমান্স"ত অভিনয় কৰিছিল ৷
উল্লেখ্য যে,প্ৰয়োজন সাপেক্ষে সৰ্বস্বান্ত হোৱা লোকসকলৰ কাষত থিয় হোৱা বলীউডৰ চেলিব্ৰেটীসকলৰ ভিতৰত অন্যতম সুশান্ত সিং ৰাজপুত ৷ বিগত বৰ্ষত সুশান্ত সিং ৰাজপুতে কেৰেলা আৰু নাগালেণ্ডত হোৱা প্ৰলয়ংকাৰী বানপানীত সৰ্বস্বান্ত হোৱা লোকসকলক ১ কোটিকৈ টকাৰ সাহাৰ্য্য প্ৰদান কৰিছিল ৷ নতুন বৰ্ষটোত সমাজৰ হিতৰ কাৰণে এক পদক্ষেপ লোৱাৰ কথাও উল্লেখ কৰে সুশান্তে ৷ বিহাৰত প্ৰত্যেক বছৰে প্ৰলয়ংকাৰী বানপানী হয়।প্ৰলয়ংকাৰী বানত জনসাধাৰণে ধন জন হেৰুৱাই সৰ্বস্বান্ত হৈ পৰে ৷লগতে সুশান্তে কয় যে বিহাৰৰ জনগণৰ এই ক্ষেত্ৰত কোনো দোষ নাই ৷কাৰণ বিহাৰৰ ভৌগৌলিক স্থিতি এনেধৰণৰ যে প্ৰত্যেক বছৰে বানপানীত সৰ্বস্ব হেৰুৱাই জনগণে ৷ গতিকে চৰকাৰ,বিভিন্ন সংস্থা আদিৰ জৰিয়তে সেই বানপীড়ীত সকলৰ ক্ষেত্ৰত স্থায়ী সমাধান লোৱাৰ কথা উল্লেখ কৰে অভিনেতা সুশান্ত সিং ৰাজপুতে ৷
অধিক খবৰৰ বাবে পঢ়ক পঢ়ক : মনোৰঞ্জন