Begin typing your search above and press return to search.

বলীউডৰ ছবিলৈ যাত্ৰা কাপুৰ পৰিয়ালৰ ষ্টাৰ কিডৰঃ উৎসুক চলচ্চিত্ৰ প্ৰেমী

বলীউডৰ ছবিলৈ যাত্ৰা কাপুৰ পৰিয়ালৰ ষ্টাৰ কিডৰঃ উৎসুক চলচ্চিত্ৰ প্ৰেমী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  24 April 2019 11:48 AM GMT

কাপুৰ পৰিয়ালৰ যুৱতীসকলৰ ভিতৰত বলীউডৰ অভিনেত্ৰী জাহ্নৱী কাপুৰৰ পিছত শেহতীয়া বি টাউনলৈ যাত্ৰা কৰিব খুশী কাপুৰে ৷ এই কথা প্ৰকাশ কৰিছে খুশী কাপুৰে ৷ জাহ্নৱী কাপুৰ আৰু খুশী কাপুৰ শেহতীয়াকৈ এক অনুষ্ঠানত মন্তব্য কৰে নিজৰ ব্যক্তিগত জীৱনৰ কথা। ব্যক্তিগত জীৱনৰ লগতে খুশীয়ে বলীউডলৈ যাত্ৰা কৰাৰ কথা ঘোষণা কৰে ৷

খুশী কাপুৰে কয় যে,মই অনতিপলমে বলীউডলৈ যাত্ৰা কৰিম ৷ প্ৰথম ছবিখন কৰণ জোহৰৰ লগত কৰিব বিচাৰোঁ ৷লগতে খুশী কাপুৰে অভিনয় কৰা ছবিখনৰ হিৰো নিৰ্বাচন কৰাৰ ক্ষেত্ৰত কয় যে মোৰ ছবিত হিৰো মোৰ পিতৃয়ে নিৰ্বাচন কৰিব ৷ কাৰণ তেওঁ মোক লৈ যথেষ্ট দায়িত্বশীল ৷ লগতে খুশী কাপুৰে কয় যে মোক লৈ ঘৰত যথেষ্ট দায়িত্বশীল এটা পৰিবেশ থাকে ৷ কাৰণ মই ঘৰৰ সকলোতকৈ সৰু ৷ মই ক’ত আছো?কাৰ লগত আছো ?কিমান সময়লৈকে আছো?এই সকলোবোৰ খবৰ মোৰ পিতৃয়ে ৰাখে।

এবাৰ মই মোৰ বন্ধুৰ লগত থাঁকোতে পাপায়ে মোৰ আৰু বন্ধুৰ ফ’টোও খুজিছিল ৷ কাৰণ মোৰ পাপায়ে বিছাৰে যে মই এজন ভাল মানুহৰ লগত থাকোঁ ৷ মই কাৰ লগত আছোঁ সেই কথাই তেওঁক চিন্তিত কৰি থাকে ৷ যদি মই ভাল মানুহৰ লগত থাকোঁ তেন্তে তেওঁৰ কোনো চিন্তা নাই। সেয়েহে পিতৃ বনী কাপুৰে খুশী কাপুৰৰ ছবিত হিৰো নিৰ্বাচন কৰিব ।

উল্লেখ্য যে প্ৰয়াত অভিনেত্ৰী শ্ৰীদেৱী আৰু বনী কাপুৰৰ জীয়ৰী খুশী কাপুৰ আৰু জাহ্নৱী কাপুৰ ৷জাহ্নৱী কাপুৰে ২০১৮ চনত মুক্তি প্ৰাপ্ত ধড়ক ছবিৰ জৰিয়তে বলীউডলৈ যাত্ৰা কৰে ৷ ধড়ক ছবিত জাহ্নৱী কাপুৰৰ লগত অভিনয় কৰে ইশান খাট্টাৰে ৷ ব্যৱসায়িকভাৱে ধড়ক ছবিৰ সফলতাৰ পিছত জাহ্নৱী কাপুৰ ব্যস্ত আছে অন্যান্য ছবিৰ দৃশ্য গ্ৰহণত ৷জাহ্নৱী কাপুৰৰ পিছত ভগ্নী খুশী কাপুৰ কেতিয়া বলীউডলৈ যাত্ৰা কৰিব সেই সম্পৰ্কে দীৰ্ঘদিন চৰ্চা লাভ কৰি আছিল ৷ পিছে শেষত সকলো অনুৰাগীৰ উৎকণ্ঠাৰ অন্ত পেলাই খুশী কাপুৰ দিলে সকলো অনুৰাগীলৈ সুখবৰ ৷

অন্য খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন

Next Story
চাকৰি