Begin typing your search above and press return to search.
বাংলাদেশী মুক্ত এনআৰচিয়ে ন্যায় দিব শ্বহীদ সকলক : সদৌ অসম ছাত্ৰ সন্থা

ঐতিহাসিক ছয়বছৰীয়া অসম আন্দোলনৰ নেতৃত্ববহন কৰা সদৌ অসম ছাত্ৰ সন্থাই আশা প্ৰকাশ কৰিছে যে কোনো বাংলাদেশী নাগৰিকৰ নাম যাতে এনআৰচিৰ চূড়ান্ত খচৰাত প্ৰকাশ নাপায়।সদৌ অসম ছাত্ৰ সন্থাৰ মুখপাত্ৰ ড° সমুজ্জল ভট্টাচাৰ্য্যই কয় যে এইতো অসমবাসীৰ বাবে কেৱল ঐতিহাসিক সময়েই নহয় আমাৰ বাবে গৌৰবৰ সময়।দেশৰ উচ্চতম ন্যায়ালয়ৰ আদেশ মতে অসম চৰকাৰে অসম চুক্তিৰ আধাৰত এনআৰচিৰ চূড়ান্ত খচৰা প্ৰকাশ কৰিবলৈ লোৱাতো অতি আনন্দৰ কথা।এনআৰচি খিলঞ্জীয়া মানুহৰ বাবে ৰক্ষাকবচ।মুখপাত্ৰজনে লগতে কয় আছু কোনো মুচলমান বা বঙালী বিৰুধী সংগঠন নহয়,অসমী আইৰ সন্মান ৰক্ষাৰ বাবে কাম কৰা এটা সংগঠন।
Next Story