Begin typing your search above and press return to search.

বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী খালেদা জিয়াক কাৰাদণ্ড

বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী খালেদা জিয়াক কাৰাদণ্ড

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  29 Oct 2018 12:18 PM GMT

বাংলাদেশৰ বিশেষ আদালতে দেশ খনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী খালেদা জিয়াক ৭ বছৰৰ কাৰাদণ্ড বিহিছে । খালেদা জিয়াৰ প্ৰয়াত স্বামী জিয়াজুৰ ৰহমানৰ নামত থকা চেৰিটী পুঁজিত হোৱা ব্যাপক কেলেংকাৰীৰ বাবে কাৰাগাৰলৈ নিক্ষেপ কৰা হৈছে প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকীক।

অজ্ঞাত উৎসৰ পৰা চেৰিটী ফাণ্ডৰ নামত ৩৭৫ হাজাৰ ডলাৰ সংগ্ৰহ কৰি ক্ষমতাৰ অপব্যৱহাৰ কৰি এই বৃহৎ ধনৰাশি ব্যয় কৰিছিল খালেদা জিয়াই । এই বিত্তীয় অনিয়মৰ শুনানি গ্ৰহণ কৰি ঢাকাৰ বিশেষ আদালতৰ ন্যায়াধীশ মহম্মদ আখটাৰু জামানে ধানমন্ত্ৰী গৰাকীৰ বিৰুদ্ধে ৭ বছৰৰ কাৰাদণ্ডৰ ৰায় প্ৰদান কৰে ।

১৯৪৫ চনত জন্ম লাভ কৰা খালেদা জিয়াই দুটা কাৰ্য্যকালৰ বাবে বাংলাদেশৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্য্যনিৰ্বাহ কৰিছিল । ১৯৯১ চনৰ পৰা ১৯৯৬ চনলৈ আকৌ ২০০১ চনৰ পৰা ২০০৬ চনলৈ প্ৰধানমন্ত্ৰীৰ আসনত অধিস্থিত হৈছিল।

বাংলাদেশৰ প্ৰথম গৰাকী আৰু মুছলমান প্ৰধান দেশ সমূহৰ ভিতৰত দ্বিতীয় গৰাকী মহিলা প্ৰধানমন্ত্ৰী আছিল জিয়া । প্ৰথম গৰাকী আছিল পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী প্ৰয়াত বেনজিৰ ভূট্টো ।

বিশ্ব বিখ্যাত ফৰ্বচ আলোচনীৰ মতে বিশ্বৰ ১০০ গৰাকী শক্তিশালী মহিলাৰ ভিতৰত স্থান লাভ কৰিছিল জিয়াই । ২০০৪ চনত ১৪ সংখ্যক, ২০০৫ চনত ২৯ সংখ্যক আৰু ২০০৬ চনত ৩৩ সংখ্যক স্থান দখল কৰিবলৈ সক্ষম হৈছিল।

Next Story
চাকৰি