Begin typing your search above and press return to search.

বাক্সাত ৰিমোট বোমা আৰু ধন দাবী পত্ৰ উদ্ধাৰ

বাক্সাত ৰিমোট বোমা আৰু ধন দাবী পত্ৰ উদ্ধাৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  7 Dec 2018 10:16 AM GMT

বাক্সা জিলাৰ গোৰেশ্বৰ আৰক্ষী চকীৰ অন্তৰ্গত গোৰেশ্বৰৰ কৈলাস বড়ো নামৰ এজন ব্যৱসায়ীৰ ঘৰৰ পৰা বুধবাৰে এটা ৰিমোট বোমা আৰু এখন ধন দাবী পত্ৰ আৰক্ষীয়ে জব্দ কৰে।কৈলাস বড়োই সাংবাদিকক জনোৱা মতে কৈলাস বড়োৰ পত্নী নিলীমা বড়োই বুধবাৰে ৰাতিপুৱা ঘৰৰ পিছফালে এটা বগা প্লাষ্টিকৰ বেগত কিছুমান বৈদ্যুতিক তাৰ প্ৰত্যক্ষ কৰে। এই খবৰ বিয়পি পৰাৰ লগে লগে গোৰেশ্বৰ আৰক্ষী চকীৰ আৰক্ষী অধীক্ষক হেৰম্ব গোস্বামীয়ে সেনা জোৱানৰ সৈতে তটাতয়াকৈ ঘটনা স্থলীত উপস্থিত হয় আৰু বগা বেগটোত থকা বস্তু কেইপদ আৰু এটা ফাইল উদ্ধাৰ কৰে।

বস্তুকেইপদৰ লগত ব্যৱসায়ী কৈলাস বড়োৰ কিছুমান ফটোও সংযুক্তহৈ আছিল। আৰক্ষী আৰু সেনা বাহিনীয়ে বেগটো পুখুৰীত পেলাই দিয়ে আৰু কিছু সময় পিছত পানীৰ পৰা তুলি আনি পুখুৰীৰ পাৰত থয়। ইতিমধ্যে গুৱাহাটীৰ পৰা যোৱা বোমা বিশেষজ্ঞৰ দলো ঘটনা স্থলীত উপস্থিত হৈছিল আৰু বেগটো পৰীক্ষা কৰি বেগত থকা বোমাটো ৰিমোট বোমা বুলি নিশ্চিত কৰে। বোমাটো সন্ধিয়া নিষ্কৃয় কৰা হয়।আৰক্ষীৰ দলটোৱে ফাইলটোৰ পৰা কৈলাস বড়োলৈ বড়ো ভাষাত লিখা এখন ধন দাবী পত্ৰও উদ্ধাৰ কৰে। বি এফ ডি এন নামৰ এটা নতুনকৈ গঠন হোৱা উগ্ৰপন্থীৰ দলে ধন দাবী পত্ৰখন কৈলস বড়োলৈ প্ৰেৰণ কৰিছিল। দুদিন আগতেও দলটোৱে ফোনযোগে ১০ৰ পৰা ১২ লাখ টকা দাবী কৰা বুলি কৈলাস বড়োই আৰক্ষীৰ আগত প্ৰকাশ কৰে।

অধিক খবৰৰ বাবে পঢ়ক ৰাজ্যিক বাতৰি

Next Story
চাকৰি