Begin typing your search above and press return to search.

বাগিছা সমুহত সুৰাৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিবলৈ চাহ মজদুৰ সংঘৰ দাবী

বাগিছা সমুহত সুৰাৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিবলৈ চাহ মজদুৰ সংঘৰ দাবী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  5 April 2019 8:18 AM GMT

অসম চাহ মজদুৰ সংঘ আৰু উত্তৰ পূৰ্বাঞ্চলৰ চাহ শ্ৰমিক ব্যবসায়িক কেন্দ্ৰয়ে, ভাৰতৰ চাহ মণ্ডল (Tea board of India) ক চাহ বাগিছা সমুহত অবৈধ সুৰা ব্যবহাৰৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিবলৈ দাবী উত্থাপন কৰিছে।

গোলাঘাট আৰু যোৰহাটত সুৰা সেৱন কৰি প্ৰায় ১৫০ জনৰো অধিক লোকৰ মৃত্যুৰ পাছত সুৰাৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিবলৈ দাবী উত্থাপন কৰে। বৰ্তমানে ১০০ ৰো অধিক লোকে বিষাক্ত সুৰাৰ সেৱনৰ ফলত ভূক্তভুগি হৈছে । বহুলোকৰ লিভাৰ আৰু কিডনি বিকল হোৱাৰ লগতে বহুতৰ চকুৰ ৰশ্নি হেৰুৱাইছে ।

কলকাতাত অনুষ্ঠিত হোৱা টি বৰ্ডৰ এখন বৈঠকত অসম চাহ মজদুৰ সংঘৰ সাধাৰণ সম্পাদক ৰূপেশ গোৱালায়ে এই দাবী উত্থাপন কৰে । এই বৈঠকতে সুৰা সেৱনৰ ফলত নিহত হোৱা লোক সকলৰ আত্মাৰ সদগতি কামনা কৰি মৌন প্ৰাৰ্থনা কৰে। "নিচাযুক্ত দব্য সেৱন কৰিলে কাৰ্য ক্ষমতা হ্ৰাস কৰাৰ লগতে সুৰা সেৱন কৰাটো স্বাস্থ্যৰ বাবে ক্ষতিকাৰক। " এই কথা চাহ শ্ৰমিক সকলে বুজিব লাগিব বুলি প্ৰকাশ কৰে ৰূপেশ গোৱালায়ে প্ৰকাশ কৰে। এক সমীক্ষাত পোহৰলৈ আহিছে যে শেহতীয়াকৈ কেইবা বছৰৰ পৰা ৪০ বছৰৰ উৰ্ধৰ ৮০ শংতাশ চাহ শ্ৰমিকে সুৰা আসক্ত ।

সুৰা আসক্ত প্ৰায়বোৰ পৰিয়ালৰ লৰা ছোৱালীয়ে বিদ্যালয়লৈ যোৱাৰ পৰিবৰ্তে চাহ বাগিছাত কাম কৰে। পৰিয়ালৰ উপাৰ্জনৰ বাবে কম বয়সতে বাগানত কাম কৰে । লগতে পৰিয়ালৰ পৰিবেশৰ প্ৰভাৱতে বহুতো শিশুয়ে কম বয়সৰ পৰাই সুৰা সেৱন কৰে বুলি প্ৰকাশ কৰিছে উজনি অসমৰ চাহ বাগিছাৰ ডঃ চাজিদুৰ ৰহমান নামৰ এজন চিকিৎসকে । ডঃ ৰহমানে প্ৰকাশ কৰে যে সুৰা সেৱনৰ ফলত চাহ শ্ৰমিক সকলৰ লিভাৰ ৰ মাৰাত্মক ৰোগত ভোগে। সুৰাৰ সেৱনৰ ফলত মহিলা সকলৰ ওপৰত অধিক বোজা পৰে বুলি প্ৰকাশ কৰে ডঃ ৰহমানে।

অধিক খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

Next Story
চাকৰি