বাৰানসীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বৃহৎ ৰোডশ্ব

বাৰানসীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বৃহৎ ৰোডশ্ব । আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লোকসভা নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰিব । মনোনয়ন পত্ৰ দাখিলৰ এদিনৰ পুৰ্বে বাৰানসীত বৃহৎ ৰোডশ্বত অংশগ্ৰহন কৰে প্ৰধানমন্ত্ৰীয়ে ।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গেৰুৱা ৰঙৰ চোলা আৰু অংগবস্ত্ৰ পৰিধান কৰা পৰিলক্ষিত হয় । ৰোডশ্বটো দুঘন্টা পলমকৈ আৰম্ভ হৈছিল যদিও লোকসকলৰ উছাহ কমা নাছিল ।
প্ৰধানমন্ত্ৰী মোদীয়ে বানাৰস হিন্দু বিশ্ববিদ্যালয় পৰা যাত্ৰা আৰম্ভ কৰিছিল । বানাৰস হিন্দু বিশ্ববিদ্যালয়ত পণ্ডিত মদন মোহন মালব্যৰ প্ৰতিমুৰ্তিত সন্মান জনাই ৰোডশ্বত অংশগ্ৰহন কৰে ।
ৰোডশ্বটো ঐতিহাসিক মন্দিৰ, ঘাট আদিৰে অতিক্ৰম কৰে। আচি, ভাদিনি, সোনাৰপুৰ, মদনপুৰ , জাংগামবাৰী আৰু গদওলিয়া আৰু কুলমিনাতে অতিক্ৰম কৰিছিল । ধাশ্বাৱামেধ ঘাটত পুজা আগবঢ়াই আৰু গংগা আৰতিৰ পাছত গংগা পূজনত উপস্থিত থাকে নৰেন্দ্ৰ মোদী। প্ৰত্যেক দিনা ৬.৫০ বজাত গংগা আৰতি হয় কিন্তু বৃহস্পতি বাৰে প্ৰায় ১ ঘন্টা পলমকৈ আৰম্ভ হয় ।
ৰোডশ্বটোত অংশগ্ৰহন কৰাৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টুইটাৰযোগে উৎসাহ আৰু স্নেহৰ বাবে ধন্য বুলি প্ৰকাশ কৰে । ৰোডশ্বটো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ, শীৰ্ষ কেন্দ্ৰীয় মন্ত্ৰী আৰু মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ উপস্থিত থাকে ।
চহৰ খনৰ অতি পুৰণি ৰামলীলা শিল্পী সকলৰ দল,৫২২ বছৰ পুৰণি মাউনি বাবা ৰাম লীলা কমিটিয়ে ৰোডশ্বত অংশগ্ৰহন কৰে।
মেনেজাৰ বিক্ৰম ভৰদ্বাজে প্ৰকাশ কৰে যে," ভগৱান ৰামৰ সেনা প্ৰধানমন্ত্ৰী লগত আছে"। সেইদৰেই অভিনেতা সকলে হনুমান, অংগাদ, নাল আৰু নীল ৰ পোছাক পৰিধান কৰি অংশগ্ৰহন কৰে।
" মোদী পিয়ৰ হে, বাকী চব চ'ৰ হে ", "হাৰ জাগাহ মোদী কা দাংকা, হাৰ গায়া প্ৰিয়ংকা " শ্লোগান সমূহ এনেধৰণৰ আছিল ।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰোডশ্বৰ দিনায়ে কংগ্ৰেছে বাৰানসীৰ কংগ্ৰেছৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰে। প্ৰিয়ংকা গান্ধী ভাদ্ৰাৰ পৰিবৰ্তে অজয় ৰায়ক প্ৰাৰ্থীত্ব প্ৰদান কংগ্ৰেছৰ।
আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিজেপিৰ কৰ্মী সকলৰ লগত মিলিত হব । কাল ভৈৰৱ মন্দিৰো পৰিদৰ্শন কৰিব মোদীয়ে । তাৰ পাছত মনোনয়ন পত্ৰ দাখিল কৰিব প্ৰধানমন্ত্ৰী গৰাকীয়ে ।
বাৰানসীত ১৯ মেত পৰ্যায় ভোট গ্ৰহণ অনুষ্ঠিত হব । দেশৰ ৭ পৰ্যায়ত অনুষ্ঠিত হোৱা নিৰ্বাচনৰ ফলাফল ২৩ মেত ঘোষণা কৰা হব ।
অন্য খবৰৰ বাবে পঢ়ক :শীৰ্ষ বাতৰি