Begin typing your search above and press return to search.

বিখ্যাত আলোচনী জি কিউৰ বেটুপাতত জিলিকিল হিমা

বিখ্যাত আলোচনী জি কিউৰ বেটুপাতত জিলিকিল হিমা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  13 Oct 2018 6:17 AM GMT

"উৰন্ত পখী" অসম কন্যা হিমা দাসৰ গৌৰৱোজ্জ্বল কেৰিয়াৰত সংযোজিত হ'ল এক অনন্য কৃতিত্ব । বিখ্যাত আলোচনী জি কিউৰ বেটুপাতত স্থান লাভ কৰিলে অৰ্জুন বটা বিজয়ী হিমা দাসে । অক্টোবৰ মাহৰ সংখ্যাত প্ৰকাশিত আলোচনী খনৰ বেটুপাতত ধিঙ এক্সপ্ৰেছ হিমাৰ ফটো। আনহাতে জি কিউ আলোচনী খনে অলপতে হিমা দাসক " Young Indian of the year" বটাঁৰেও সন্মানিত কৰে ।

ইতিমধ্যে ধিং এক্সপ্ৰেছ হিচাপে খ্যাত অসম কন্যা হিমা দাস কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰালয়ে অৰ্জুন বঁটা প্ৰদান কৰিছে।ইণ্ডোনেছিয়াৰ জাকাৰ্টাত অনুস্থিত হৈ থকা ১৮ সংখ্যক এছিয়ান গেমছত মহিলাৰ ৪x৪০০ মিটাৰ ৰিলেত হিমাই স্বৰ্ণ পদকৰ লগতে দুটাকৈ ৰূপৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছিল। এছিয়ান গেমছত তিনিটাকৈ পদক জয় কৰা প্ৰথম গৰাকী অসমীয়া হোৱাৰ গৌৰৱ অৰ্জন কৰিছিল হিমাই । উল্লেখযোগ্য যে হিমাই ভাৰতৰ প্ৰথমগৰাকী মহিলা হিচাপে বিশ্ব ২০ বছৰ অনূৰ্ধ এথেলেটিকচ চেম্পিয়নশ্বিপত ইতিহাস ৰচি স্বৰ্ণ পদক দখল কৰিবলৈ সক্ষম হৈছিল।

Next Story