Begin typing your search above and press return to search.

বিগত ৫ বছৰত দেশত বোমা বিস্ফোৰণ হোৱা নাই: নৰেন্দ্ৰ মোদী

বিগত ৫ বছৰত দেশত বোমা বিস্ফোৰণ হোৱা নাই: নৰেন্দ্ৰ মোদী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  18 April 2019 12:56 PM GMT

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰে যে চৰকাৰে জম্বু কাশ্মীৰৰ ২ খন আৰু এখনৰ অৰ্ধাংশত সন্ত্ৰাসবাদ নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছে আৰু বিগত ৫ বছৰত দেশত কোনো বোমা বিস্ফোৰণৰ ঘটনা সংঘটিত হোৱা নাই ।

আজি গুজৰাটৰ আমৰেলীত এক ৰেলীত অংশগ্ৰহণকাৰী কৰি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে যে ২০১৭ চনত ডকলামৰ গতিবিধিৰ সন্দৰ্ভত চীনৰ লগত যি আলোচনা কৰা হৈছিল সেই সময়ত গুজৰাটত যিখিনি শিকিছিল, তাৰ পৰা যথেষ্ট সুবিধা হৈছে বুলি প্ৰকাশ কৰে ।

দেশত বিভিন্ন প্ৰান্তত হোৱা বোমা বিস্ফোৰণৰ কথা প্ৰকাশ কৰি মোদীয়ে কয় যে বিগত ৫ বছৰত দেশৰ কোনো প্ৰান্ততে বোমা বিস্ফোৰণ সংঘটিত হোৱা নাই ।

লগতে পাকিস্তানৰ প্ৰধানমন্ত্ৰী প্ৰকাশ কৰে যে ইমৰান খানে বালাকোটত এয়াৰ ষ্ট্ৰাইকৰ পাছত ভাৰতৰ লগত সম্পৰ্ক স্থাপন কৰিবলৈ চেষ্টা কৰাৰ পাছত মোদীয়ে কয় যে কথা পাতিবলৈ আমাক এখন সাৰ্বজনীন দলিল দিব লাগিব বুলি প্ৰকাশ কৰে।

লগতে কংগ্ৰেছক সমালোচনা কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় সৰদাৰ সৰোবৰ প্ৰকল্প ৪০ বছৰৰ পুৰ্বে সম্পুৰ্ণ হৈছিল, তেতিয়া গুজৰাট বহুত উন্নত হল হয় । লগতে প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে চৰ্দাৰ পেটেলৰ সৰ্বোচ্চ স্তম্ভ গুজৰাটত নিৰ্মাণ কৰা হৈছে ।

কিন্তু ইয়াৰ উদ্দেশ্য প্ৰাক্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুক অসন্মান কৰা নহয় । লগতে প্ৰধানমন্ত্ৰী কয় যে এয়া কেৱল নিৰ্বাচনী ৰেলী নহয় । ৰেলীৰ যোগেদি গুজৰাট লোকসকলক ধন্যবাদ জ্ঞাপন কৰে বুলি প্ৰকাশ কৰে।

অন্য খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি