Begin typing your search above and press return to search.

বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ:'সংকল্প পত্ৰ' প্ৰকাশ ৰাজনাথ সিঙৰ

বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ:সংকল্প পত্ৰ প্ৰকাশ ৰাজনাথ সিঙৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  9 April 2019 9:32 AM GMT

সোমবাৰে বিজেপিয়ে প্ৰকাশ কৰিলে নিৰ্বাচনী ইস্তাহাৰ । বহুত আদৰ্শগত বিষয়ৰ ওপৰত গুৰুত্ব নিৰ্বাচনী ইস্তাহাৰ খনত । শীঘ্ৰে সমাধান কৰা হ'ব ৰাম মন্দিৰৰ প্ৰসংগ, জম্বু কাশ্মীৰৰ পৰা ৩৭০ ধাৰা আৰু ইউনিফৰ্ম চিভিল ক'ড প্ৰত্যাহাৰ কৰা হব বুলি উল্লেখ কৰে ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ ইস্তাহাৰ খনত ।

দলৰ মুখ্য কাৰ্যালয়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ, কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিঙ , অৰুণ জেটলী আৰু সুষমা স্বৰাজৰ লগতে দলৰ আন আন জেষ্ঠ নেতাৰ উপস্থিতিত "সংকল্প ভাৰত, শক্তিশালী ভাৰত " শীৰ্ষক "সংকল্প পত্ৰ " মুকলি কৰে।

ৰাম মন্দিৰৰ সমস্যা সমাধান কৰাত গুৰুত্ব প্ৰদান ইস্তাহাৰ খনত। ৰাম মন্দিৰৰ প্ৰসংগত সংবিধানৰ অন্তৰ্গত সকলো সম্ভাৱনীয়তায়ে আৰু প্ৰয়োজনীয়তা খিনিয়ে কৰা হব বুলি প্ৰকাশ কৰে ।

যোৱা ৫ বছৰত জম্বু কাশ্মীৰত শান্তি বৰ্তাই ৰাখিব যথাসম্ভব সকলোখিনিয়ে কৰা হৈছে বুলি প্ৰকাশ কৰে ।পুৰ্বৰ পৰায়ে কাশ্মীৰত ৩৭০ অনুচ্ছেদে প্ৰত্যাহাৰ কৰাৰ পোষকতা কৰি আহিছে। লগতে জম্বু কাশ্মীৰত সংবিধানৰ 35A নং অনুচ্ছেদে নাকচ কৰিবলৈ সংকল্প লোৱা হৈছে, যিয়ে জম্বু কাশ্মীৰৰ লোকসকলক আৰু মহিলা সকলক মাজত বৈষমৰ সৃষ্টি কৰে ।35 A অনুচ্ছেদে ৰাজ্যৰ উন্নয়নত বাধাৰ সৃষ্টি কৰিছে বুলি প্ৰকাশ কৰাৰ লগতে ৰাজ্য সমুহত সুৰক্ষা আৰু শান্তি বৰ্তাই ৰাখিবলৈ সকলো ব্যবস্থা গ্ৰহণ কৰিব বুলিও প্ৰকাশ কৰে ।

পাক অধিকৃত কাশ্মীৰ , পশ্চিম পাকিস্তান আৰু চাম্বৰ লোকসকলক পুনৰ সংস্থাপনত সহায় কৰাৰ লগতে কাশ্মীৰী পণ্ডিত সকলক সুৰক্ষিত ভাৱে উভতাই অনাত ব্যবস্থা গ্ৰহণ কৰা হব।ইউনিয়ন চিভিল ক'ড বিলুপ্তি কৰি বৰ্তমান সময়ত পৰম্পৰাৰ লগত সামঞ্জস্য ৰাখি প্ৰনয়ন কৰাৰ ওপৰত গুৰুত্ব দিয়া হব ।

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি