Top
Begin typing your search above and press return to search.

বিজেপিৰ প্ৰাথমিক সদস্যৰ পৰা বৰ্খাস্ত মীৰা বৰঠাকুৰ গোস্বামী

বিজেপিৰ প্ৰাথমিক সদস্যৰ পৰা বৰ্খাস্ত মীৰা বৰঠাকুৰ গোস্বামী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  6 Sep 2018 7:14 AM GMT

ভাৰতীয় জনতা পাৰ্টিৰ জেষ্ঠ নেত্ৰী মীৰা বৰঠাকুৰ গোস্বামীক দলৰ প্ৰাথমিক সদস্যৰ পৰা বৰ্খাস্ত । দলৰ নীতি আৰু স্থিতিৰ বিৰুদ্ধে অৱস্থান কৰাৰ বাবে দলটোৰ ৰাজ্যিক বিজেপি মহিলা মৰ্চাৰ প্ৰস্তাৱ অনুসৰি ৰাজ্যিক অনুশাসন সমিতিয়ে গোস্বামীৰ বিৰুদ্ধে গ্ৰহণ কৰে এই ব্যৱস্থা । আৰু তাৰ পিছতেই বিজেপি জেষ্ঠ নেত্ৰীগৰাকীয়ে বুধবাৰে এক সংবাদমেল যোগে উত্থাপন কৰিলে ইটোৰ পিছত সিটো বিস্ফোৰণ । বিজেপি দলৰ একাংশ নেতাৰ বিৰুদ্ধে সৰৱ হৈ পৰে মীৰা বৰঠাকুৰ গোস্বামী । লগতে আজি পুনৰ এক সংবাদমেলযোগে দলৰ বহু নেতাৰ বিস্ফোৰক তথ্য ৰাজহুৱা কৰাৰো হুংকাৰ দিয়ে মীৰা বৰঠাকুৰ গোস্বামীয়ে ।

Next Story