Begin typing your search above and press return to search.

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে গুজৰাটৰ সোমনাথ মন্দিৰত আশীষ লয়

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে গুজৰাটৰ সোমনাথ মন্দিৰত আশীষ লয়

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  18 May 2019 12:35 PM GMT

গুজৰাটৰ বিখ্যাত সোমনাথ মন্দিৰত আজি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ আশীষ লয়। কাইলৈ দেশত অন্তিম পৰ্যায় লোকসভা নিৰ্বাচন। নিৰ্বাচনৰ প্ৰাকক্ষণত ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে পৰিয়াল বৰ্গৰ সৈতে মন্দিৰত প্ৰাৰ্থনা কৰে।

অমিত শ্বাহে তেওঁৰ পত্নী , পুত্ৰ , বোৱাৰী আৰু নাতিনীয়েকৰ সৈতে গুজৰাটত উপস্থিত হয়। গুজৰাটৰ সোমনাথ মন্দিৰত অমিত শ্বাহে পৰিয়াল বৰ্গৰ সৈতে পূজা আগবঢ়াই।

অমিত শ্বাহে আহমেদাবাদৰ বাসগৃহত পৰিয়াল বৰ্গৰ সৈতে সময় কটাই। অমিত শ্বাহে সোমনাথ মন্দিৰ কমিটিৰ এজন সদস্য ।

আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দুদিনীয়া ভ্ৰমণ সূচীৰে উত্তৰাখণ্ডত উপস্থিত হৈ কেদাৰনাথ আৰু বাদ্ৰিনাথ পৰিদৰ্শন কৰিব । আজি প্ৰধানমন্ত্ৰীয়ে কেদাৰনাথ পৰিদৰ্শন কৰাৰ পাছত কাইলৈ পুৱা বাদ্ৰিনাথ মন্দিৰ পৰিদৰ্শন কৰি প্ৰধানমন্ত্ৰী গৰাকীয়ে।

প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণ আনুষ্ঠানিক । নিৰ্বাচনী আয়োগে মোদীৰ উত্তৰাখণ্ড ভ্ৰমণৰ অনুমতি প্ৰদান কৰিছে ।কিন্তু সমান্তৰালকৈ নিৰ্বাচনী বিভাগে মোদীক নিৰ্বাচনী আচৰণ বিধি উলংঘা নকৰিবলৈ প্ৰকাশ কৰিছে ।

কাইলৈ দেশত অনুষ্ঠিত হব সপ্তম তথা অন্তিম পৰ্যায়ৰ লোকসভা নিৰ্বাচন। দেশৰ ৫৯ লোকসভা সমষ্টিত অনুষ্ঠিত হব নিৰ্বাচন। দেশত ৭ পৰ্যায়ত অনুষ্ঠিত হোৱা লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হব ২৩ মেত ।

অন্য খবৰৰ বাবে পঢ়ক :শীৰ্ষ বাতৰি

Next Story
চাকৰি