Begin typing your search above and press return to search.

বিজেপি কোনো কাৰণতে ক্ষমতালৈ আহিব নোৱাৰে: এ আই ইউ ডি এফ

বিজেপি কোনো কাৰণতে ক্ষমতালৈ আহিব নোৱাৰে: এ আই ইউ ডি এফ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  25 March 2019 8:27 AM GMT

লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত সকলো ৰাজনৈতিক দল তৎপৰ হৈ পৰাৰ সমান্তৰালকৈ এ আই ইউ ডি এফ দলৰ মাজতো তৎপৰতা বৃদ্ধি পাইছে । আজি গুৱাহাটী হাতিগাওঁস্থিত এ আই ইউ ডি এফৰ মুখ্য কাৰ্য্যালয়ত এক সংবাদমেল আয়োজন কৰে। সংবাদমেলতে এ আই ইউ ডি এফৰ সাধাৰণ সম্পাদক আমিনুল ইছলামে প্ৰকাশ কৰে যে দলৰ সিদ্ধান্ত মৰ্মে লোকসভা নিৰ্বাচনত এ আই ইউ ডি এফে ৩ টা সমষ্টিৰ পৰাহে প্ৰাৰ্থীত্ব প্ৰদান কৰিব ।

সংবাদমেলত এ আই ইউ ডি এফৰ সাধাৰণ সম্পাদক আমিনুল ইছলামে বিজেপিক কোনো কাৰণতে ক্ষমতা লৈ আহিবলৈ নিদিয়ে বুলি প্ৰকাশ কৰে। বিজেপিক প্ৰতিহত কৰিবলৈ সমষ্টি কেইটাত এ আই ইউ ডি এফে প্ৰাৰ্থী প্ৰদান কৰিছে বুলি প্ৰকাশ কৰে ।

লগতে বিজেপিক তীব্ৰ সমালোচনা কৰি কয় যে বিজেপিয়ে ধৰ্মৰ ভিত্তিত ৰাজনীতি কৰি ৰাজ্যত সংঘাতৰ সৃষ্টি কৰিছে । গাদী ৰক্ষাৰ স্বাৰ্থত, ক্ষমতাৰ স্বাৰ্থত বিজেপিয়ে অসমক ধ্বংসৰ গৰাহলৈ ঠেলি দিছে বুলিও প্ৰকাশ কৰে ।

বিজেপিৰ মুল শত্ৰু হৈছে এ আই ইউ ডি এফ বুলিও প্ৰকাশ কৰে সংবাদমেলতে । অগপ আৰু বিজেপি ৰ পুনৰ মিত্ৰতা প্ৰসংগত সমালোচনা কৰি কয় যে অগপয়ে নিৰ্লজ্জ ভাবে বিজেপিৰ লগত মিত্ৰতা কৰিছে । লগতে কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মিত্ৰতাৰ সম্পৰ্কত কয় যে কংগ্ৰেছৰে মিত্ৰতা সন্দৰ্ভত বৰ্তমানলৈকে কোনো আলোচনা হোৱা নাই ।

এ আই ইউ ডি এফে আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে ধুবুৰী, কৰিমগঞ্জ আৰু বৰপেটাৰ পৰা প্ৰাৰ্থীত্ব আগবঢ়াব । ধুবুৰী সমষ্টিত বদৰউদ্দিন আজমল, কৰিমগঞ্জৰ পৰা ৰাধেশ্যাম বিশ্বাস আৰু বৰপেটাত ডঃ হাফিজ ৰফিকুল ইছলামক প্ৰাৰ্থীত্ব প্ৰদান কৰিছে ।

অসমত তিনিটা পৰ্য্যায়ত অনুষ্ঠিত হব লোকসভা নিৰ্বাচন । ১১,১৮ আৰু ২৩ এপ্ৰিলত অনুষ্ঠিত হব লোকসভা নিৰ্বাচন । ইতিমধ্যে কংগ্ৰেছে আৰু বিজেপিয়ে প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিছে । প্ৰথম পৰ্যায় নিৰ্বাচনৰ বাবে ২৫ তাৰিখে মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন ।

অধিক খবৰৰ বাবে পঢ়ক :ৰাজ্যিক বাতৰি

Next Story
চাকৰি