Begin typing your search above and press return to search.

বিজেপি শাসনলৈ অহাৰ পিছত মছজিদ ভঙা নাই, নিৰ্মাণহে কৰিছে: বিধায়িকা আঙুৰলতা

বিজেপি শাসনলৈ অহাৰ পিছত মছজিদ ভঙা নাই, নিৰ্মাণহে কৰিছে: বিধায়িকা আঙুৰলতা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2 Nov 2018 6:44 AM GMT

বিজেপি দল শাসনলৈ অহাৰ পিছত ভাৰত বৰ্ষৰ কোনো ঠাইত মছজিদ ভঙা নাই, নিৰ্মাণ হে কৰিছে এই মন্তব্য বিধায়িকা আঙুৰলতা ডেকাৰ । আজি বটদ্ৰৱা সমষ্টিৰ আমলখি গাঁও পঞ্চায়তৰ ঈদগাহ ময়দানৰ ক্ষেত্ৰ (ফিল্ড)ৰ পকীকৰণ কাৰ্যৰ শুভ উদ্বোধন কৰি বিধায়িকা গৰাকীয়ে নিজৰ ভাষণত কয় যে বি জে পি দিনত অসমত হিন্দু, মুছলমান,শিখ , খ্ৰীষ্টান ,জৈন সকলোৱে নিৰাপত্তা লাভ কৰিছে ।

তদুপৰি দৰিদ্ৰ লোকৰ সু চিকিৎসাৰ বাবে অটল অমৃত অভিযান , আয়ুস্মান ভাৰত , দৰিদ্ৰ হিতাধিকাৰীৰ বাবে প্ৰধান মন্ত্ৰী আবাসগৃহৰ ব্যৱস্থা , ৬০ বছৰ উদ্ধৰ প্ৰতিজন বৃদ্ধৰ বাবে শ্বহীদ কুশল কোঁৱৰ সাৰ্বজনীন বৃদ্ধ পেঞ্চন আঁচনি, গ্ৰামাঞ্চলৰ উন্নত পথ যোগাযোগ ব্যৱস্থা , মহিলা সকলৰ বাবে প্ৰধানমন্ত্ৰী উজ্বলা যোজনা কেন্দ্ৰ তথা অসমৰ বিজেপি চৰকাৰৰ জনদৰদী আঁচনিৰ বিষয়ে বিধায়িকা গৰাকীয়ে বহলাই ব্যাখ্যা আগবঢ়াই ৰাইজক চৰকাৰী সুবিধাৰ ক্ষেত্ৰত কোনো উপঢৌকন নিদিবৰ বাবেও আহ্বান জনায় ।

একেদিনাই বিধায়িকা গৰাকীয়ে ধনীয়াভেটি পঞ্চায়তত ২০১৫-১৬ বৰ্ষত চতুৰ্দশ বিত্তীয় আয়োগৰ পূঁজিৰে নিৰ্মাণ কৰি উলিওৱা প্ৰেক্ষাগৃহ এটিৰ শুভ উদ্বোধন কৰে। সভাত বটদ্ৰৱা উন্নয়ন খণ্ডৰ কনিষ্ঠ অভিযন্ত্ৰা আব্দুল হাছিম , ধনীয়াভেটি পঞ্চায়তৰ সচিব আব্দুল ৰেজেক , সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক সম্পাদক গুলজাৰ হুছেইন , কলিয়াবৰ জিলা বিজেপিৰ সম্পাদক ৰাতুল নায়ক , যোচেফ আলি আহমেদ , ফাৰুক এছাদ আলী , এমৰাদুল হুছেইন, মাইনুল হক , জিয়াবুৰ ৰহমান ,নিজাম উদ্দিন প্ৰমুখ্যে কেইবাজনো বক্তাই ভাষণ ৰাখে।

আগন্তুক পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছৰ বিৰুদ্ধে এঘৰী যুঁজাৰ বাবে বিজেপি কৰ্মী সকলক সম্পূৰ্ণ সাজু হ'বলৈ বিধায়িকা গৰাকীয়ে দলীয় কৰ্মী সকলক আহ্বান জনাই। সভাত কেইবা সহস্ৰাধিক লোকৰ উপস্থিতি লক্ষনীয় আছিল । একে দিনাই বিধায়িকা গৰাকীয়ে ধনীয়াভেটি উচ্চ মাধ্যমিক বিদ্যালয়ৰ গুনোৎসৱৰ কাৰ্যসূচীত অংশ গ্ৰহণ কৰে ।

Next Story
চাকৰি