বিদেশী আশ্ৰয় দিয়া আইন কথা উল্লেখ কৰা কংগ্ৰেছৰ নাগৰিকত্ব সংশোধনি বিধেয়কৰ বিৰোধিতা কৰাৰ নৈতিক অধিকাৰ নাই: জয়ন্ত মল্ল বৰুৱা

ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক মুখপাত্ৰ অসম অসম পৰ্যটন উন্নয়ন খণ্ডৰ অধক্ষ্য জয়ন্ত মল্ল বৰুৱাই শনিবাৰে সংবাদমেল সম্বোধন কৰে। সংবাদমেলত কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ ইস্তাহাৰ ত যদি কংগ্ৰেছ ক্ষমতালৈ আহে তেতিয়া বিদেশী আশ্ৰয় দিয়া আইন প্ৰনয়ন কৰা হব বুলি প্ৰতিশ্ৰুতি দিয়ে । সেয়েহে কংগ্ৰেছ আৰু কংগ্ৰেছৰ নেতা তৰুণ গগৈ, ৰিপুণ বৰাৰ নাগৰিকত্ব সংশোধনি বিধেয়ক ২০১৬ বিৰোধিতা কৰাৰ নৈতিক অধিকাৰ নাই বুলি জয়ন্ত মল্ল বৰুৱাই প্ৰকাশ কৰে ।
হেঙাৰাবাৰীস্হিত বিজেপিৰ মুখ্য কাৰ্যালয়ত সংবাদমেল সম্বোধন কৰি কয় যে কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰ খনত ১৬ নং পৃষ্ঠাত বিদেশী নীতিৰ কথা উল্লেখ কৰি বিল খন প্ৰনয়নৰ প্ৰতিশ্ৰুতি দিয়ে । লগতে ৰহিংগীয়া সকলক সহায় কৰাকে উল্লেখ কৰি ভাৰতীয় নাগৰিকত্ব প্ৰদানৰ কথা উল্লেখ কৰে। এয়া দেশৰ কাৰণে বিশেষকৈ অসমৰ বাবে বৃহৎ ভাবুকি বুলি প্ৰকাশ কৰে জয়ন্ত মল্ল বৰুৱাই ।
মানৱ অধিকাৰ ১৪ নং অনুচ্ছেদ মতে সকলোৰে আন দেশত শৰন লোৱা আৰু আনন্দ কৰাৰ অধিকাৰ আছে।
লগতে তেওঁ প্ৰকাশ কৰে যে এনেধৰণৰ বিধেয়কে ৰাজ্যৰ জনসংখ্যাৰ ক্ষেত্ৰত যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰিব , যিয়ে দ্বিতীয় জম্বু কাশ্মীৰলৈ পৰিনত কৰিব ।জয়ন্ত মল্ল বৰুৱাই লগতে কয় যে কংগ্ৰেছে নিৰ্বাচনী প্ৰচাৰত বিজেপিৰ হৈ মিছা প্ৰচাৰ চলাইছে ।
১৯৫৫ চনৰ নাগৰিকত্ব বিধেয়কৰ ভিত্তিত ২০১৬ ত নাগৰিকত্ব সংশোধনি বিধেয়ক খন লোকসভাত উত্থাপন কৰিছিল । এই বিধেয়ক খনত অবৈধ শৰনাৰ্থী হিন্দু, শিখ, বৌদ্ধ, জন , পাৰ্চী , আফগানিস্তান, বাংলাদেশ আৰু পাকিস্তানৰ খ্ৰীষ্টান সকলৰ যোগ্য সকলক নাগৰিকত্ব দিয়া কথা উল্লেখ আছে ।
অন্য খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি