Begin typing your search above and press return to search.

বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ কিতাপৰ বোজাৰ ক্ষেত্ৰত সৰৱ দিছপুৰ

বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ কিতাপৰ বোজাৰ ক্ষেত্ৰত সৰৱ দিছপুৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  28 Dec 2018 10:34 AM GMT

সততে অসমৰ বিদ্যালয়ৰ কণ কণ ছাত্ৰ ছাত্ৰীসকলে অত্যাধিক ওজনৰ কিতাপৰ বোজা বহন কৰা দেখা যায়। ইয়াৰ ভিতৰত প্ৰথমৰ পৰা দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে ১.৫ কেজি,২ ৰ পৰা ৩ কেজি তৃতীয় শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণী, ষষ্ঠ শ্ৰেণীৰ পৰা সপ্তম শ্ৰেণীলৈ ৪ কেজি,৪.৫ কেজি অষ্টম শ্ৰেণীৰ পৰা নৱম শ্ৰেণী আৰু ৫ কেজি কিতাপ বহন কৰিব দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীয়ে ৷ ইফালে, সততে কিতাপৰ বোজা বহন কৰিবলৈ কোৱা ছাত্ৰ ছাত্ৰীসকলৰ কথা চিন্তা কৰি মাদ্ৰাছ উচ্চ ন্যায়ালয়ে কিতাপৰ বোজা হ্ৰাস কৰিবলৈ প্ৰস্তাৱ ৰাখে।

অন্যহাতে ৰাজ্যিক প্ৰাথমিক শিক্ষা পৰিষদৰ সচিব প্ৰীতম শইকীয়াই বিদ্যালয়ৰ বিভিন্ন শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে কিতাপৰ বোজা কঢ়িওৱা সন্দৰ্ভত কয় যে,প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী কাৰণে গৃহকাৰ্য্য গ্ৰহণযোগ্য হয় । লগতে বিদ্যালয়সমূহত ভাষা আৰু গণিতৰ বাহিৰে অন্যান্য বিষয়সমূহৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰিছে। লগতে বিদ্যালয়সমূহে কিতাপ আৰু বহীৰ সম্পৰ্কে আগতীয়াকৈ জনাব লাগিব বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক ৷ আনহাতে,বিদ্যালয়ৰ নীতি নিয়মসমূহৰ লগতে সময়সূচীৰ লগতে কিতাপৰ অত্যাধিক বোজা বহন কৰোঁতে ছাত্ৰ ছাত্ৰীসকলৰ যাতে স্বাস্থ্য সম্পৰ্কীয় কোনো সমস্যা নহয় ,সেই সম্পৰ্কে সকলো তথ্য নিশ্চিত কৰিবলৈ পৰামৰ্শ দিয়ে৷ লগতে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে যাতে অত্যাধিক পৰিমাণৰ বোজা বহন কৰিব নালাগে তথা অত্যাধিক পৰিমাণৰ যিকোনো কিতাপ পত্ৰৰ লগতে অন্যান্য অপ্ৰয়োজনীয় সামগ্ৰীসমূহ যাতে ছাত্ৰ ছাত্ৰী সকলে বিদ্যালয়লৈ কঢ়িয়াই নিনিয়ে ৷ তাৰ প্ৰতি বিশেষভাৱে উল্লেখ আছে নিষেধাজ্ঞাত ৷ ইফালে আজি কিছু পূৰ্বে কণ কণ শিশুৰ ওপৰত স্কুল বেগ তথা হোম ৱৰ্কৰ বোজা হ্ৰাস কৰিবলৈ কেন্দ্ৰই বিশেষ সিদ্ধান্ত লৈছিল ৷ ইয়াৰ ভিতৰত আছিল প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীক দিব নোৱাৰিব হোম ৱৰ্ক বা ঘৰুৱা কাম ৷দেশজুৰি তাৎক্ষনিকভাৱে কাৰ্যকৰী হোৱাকৈ এই নিৰ্দেশনা জাৰি কৰিছিল মানৱ সম্পদ উন্নয়ন মন্ত্ৰণালয়ে ৷

মন্ত্ৰণালয়ৰ নিৰ্দেশ অনুসৰি,কেন্দ্ৰই ধাৰ্য কৰা অনুসৰিহে বিষয়সমূহ কণ কণ ছাত্ৰ ছাত্ৰীসকলক দিব বিদ্যালয়সমূহে ৷ লগতে প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী কোনো হোম ৱৰ্ক বা ঘৰুৱা কাম দিব নোৱাৰিব বিদ্যালয়সমূহে ৷ গণিত আৰু ভাষা বিষয়ক পাঠ্যপুথিৰ বাহিৰে অন্য কোনো পাঠ্য পুথি দিব নোৱাৰিব ৷ তৃতীয় শ্ৰেণীৰ পৰা পঞ্চশ্ৰেণীলৈকে NCERT অৰ্থাৎ National Council Of Educational Research And Trainingৰ দ্বাৰা প্ৰস্তুত কৰা ভাষা,গণিত আৰু পৰিবেশ বিজ্ঞানৰ পাঠ্য পুথিহে শিশুসকলক দিব পাৰিব বিদ্যালয়সমূহে ৷ অন্যহাতে,শিশুৱে বিদ্যালয়লৈ নিয়া কিতাপৰ বোজাৰ ক্ষেত্ৰত কঠোৰ হৈছিল মন্ত্ৰণালয় ৷ প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীয়ে ১.৫ কিলোগ্ৰাম কিতাপতকৈ বেছি নিব নোৱাৰিব ৷ ইয়াৰ বিপৰীতে তৃতীয় আৰু পঞ্চম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীক ২ অথবা ৩ কিলোগ্ৰামকৈ ধাৰ্য কৰিছে কিতাপ ৷ ষষ্ঠ আৰু সপ্তম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ কিতাপৰ বোজা ৪ কিলোতকৈ বেছি হ’ব নোৱাৰিব ৷ অষ্টম আৰু নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে ধাৰ্য কৰিছে ৪.৫ কিলোগ্ৰাম কিতাপ আৰু দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে ৫ কিলোগ্ৰাম কিতাপৰ বোজা ধাৰ্য কৰিছিল মন্ত্ৰণালয়ে ৷

অধিক খবৰৰ বাবে পঢ়ক শীৰ্ষ বাতৰি

Next Story
চাকৰি