Begin typing your search above and press return to search.

বিমানবন্দৰত নিশা আবদ্ধ হৈ থকাৰ পাছত পুৱাই কলিকাতলৈ উভতি গল প্ৰতিনিধিৰ দল

বিমানবন্দৰত নিশা আবদ্ধ হৈ থকাৰ পাছত পুৱাই কলিকাতলৈ উভতি গল প্ৰতিনিধিৰ দল

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  20 Aug 2018 10:01 AM GMT

শিলচৰ আৰক্ষীয়ে অসমৰ এনআৰচিৰ খচৰা প্ৰকাশৰ পাছত পৰিস্থিতিৰ বুজ লবলৈ অহা তৃণমূল কংগ্ৰেছৰ প্ৰতিনিধি দলক কুম্ভীৰগ্ৰাম বিমান বন্দৰত আৱদ্ধ কৰি ৰখাৰ পাছত আজি পুৱা ৬ জন তৃণমূল কংগ্ৰেছৰ প্ৰতিনিধি দলৰ সদস্য কলিকতালৈ উৰা মাৰে।পশ্চিমবংগৰ মুখ্যমন্ত্ৰী তথা তৃণমূল কংগ্ৰেছৰ সচিব মমতা বেনাৰ্জীৰ প্ৰৰোচনাত এনআৰচি সন্দৰ্ভত আলোচনাৰ বাবে আহিছিল প্ৰতিনিধিৰ দলটো।কাচাৰ জিলাৰ প্ৰশাসনে শিলচৰত ইতিমধ্যে ১৪৪ ধাৰা জাৰি কৰিছিল।প্ৰতিনিধিৰ দলটোত তৃণমূল কংগ্ৰেছৰ সাংসদ ক্ৰমে সুখেন্দু শেখৰ ৰয়,কাকলি ঘোষ দস্তিদাৰ,ৰত্ন দে নাগ,নাদিমুল হক,অৰ্পিতা ঘোষ,মমতা ঠাকুৰ,ৰাজ্যিক মন্ত্ৰী ফিৰহাদ হাকিম আৰু বিধায়ক মহুৱা মইট্ৰা এনআৰচি সম্পৰ্কত আলোচনা কৰিবলৈ শিলচৰত উপস্থিত হৈছিল।কাচাৰ জিলাৰ উপায়ুক্ত এচ লক্ষমনমে জানিবলৈ দিয়ে যে ৮ জনৰ ভিতৰত ৬ জন সদস্য পুৱা এয়াৰ ইণ্ডিয়া বিমানত কলিকতালৈ উভতি যায়।এনআৰচিৰ চূড়ান্ত খচৰাৰ পৰা কাচাৰ জিলাৰ ৪,০৭,৭০৭ জন লোকৰ নাম বাদ পৰিছিল।

Next Story
চাকৰি