বিলাসী বাহনেৰে নহয়, স্কুটি চলাই ১১ টাকৈ গুৰুত্বপূৰ্ণ পথৰ অাধাৰশিলা আঙুৰলতাৰ

পঞ্চায়ত নিৰ্বাচনলৈ মাজত মাত্ৰ এটা মাহ বাকী থকা অৱস্থাত তৎপৰ হৈ পৰিছে শাসক-বিৰোধী বিধায়কৰ লগতে তৃণমূণ পৰ্যায়ৰ নেতা কৰ্মী সকল।এইক্ষেত্ৰত পিছপৰি ৰোৱা নাই বটদ্ৰৱা সমষ্টিৰ বিধায়িকা অাঙুৰলতা ডেকাও।
ভিন্ন সময়ত ভিন্ন ভূমিকাত অৱতীৰ্ণ হৈ সমষ্টিবাসীৰ দৃষ্টি আকৰ্ষণ কৰি অহা আঙুৰলতাক এইবাৰ দেখা গ'ল এক অভিনৱ ৰূপত। বটদ্ৰৱাত আজি ১১ টাকৈ গুৰুত্বপূৰ্ণ পথৰ নিৰ্মাণকাৰ্যৰ শুভাৰম্ভণি কৰিলে আঙুৰলতাই।পিছে কোনো বিলাসী বাহনত চফৰ কৰি গৈ নহয়,দলীয় নেতা কৰ্মীৰ সৈতে প্ৰায় ৭০ কি.মি. পথ স্কুটি চলাই গৈ গুৰুত্বপূৰ্ণ পথসমূহৰ নিৰ্মাণকাৰ্যৰ শুভাৰম্ভণি কৰি পুনৰ আঙুৰলতাই দৃষ্টি কাঢ়িলে সকলোৰে।
প্ৰায় ১৭ কোটি ১৭ লাখ টকাৰ ব্যয় সাপেক্ষে নিৰ্মান হব লগীয়া পথ সমুহৰ অাধাৰশিলা স্থাপন কৰি সমষ্টিৰ ৰাইজৰ অাগত কয় যে "বিজেপিয়ে ধ্বংস কৰিব অহা নাই,নিৰ্মাণ কৰিবলৈহে অাহিছে"। এচ অ' পি ডি অাৰু প্ৰধানমন্ত্ৰী গ্ৰাম্য চড়ক যোজনাৰ অধীনত নিৰ্মাণ হ'ব লগা পথকেইটাৰ নিৰ্মাণকাৰ্যৰ শুভাৰম্ভণি অনুষ্ঠানসমূহত নগাঁও গ্ৰাম্য পথ সংমণ্ডলৰ বিষয়ববীয়া,কেইবা শতাধিক ৰাইজ উপস্থিত আছিল।