অসমৰ সাংস্কৃতিক জগতৰ বাবে এটা দুখবৰ । বিশিষ্ট চলচিত্ৰ অভিনেতা গুণ মহন্ত আৰু নাই । অসমীয়া ছবি জগতক এক বিশেষ মাত্ৰা প্ৰদান কৰি অহা অভিনেতা গৰাকীয়ে নগাওঁৰ এখন ব্যক্তিগত চিকিৎসালয়ত আজি শেষ নিশ্বাস ত্যাগ কৰে ।অৰ্ধশতাধিক কথাছবি আৰু ধাৰাবাহিকত অভিনয় কৰিছিল বিশিষ্ট অভিনেতা গৰাকীয়ে।অভিনেতা গৰাকীৰ মৃত্যুৰ খবৰ বিয়পি পৰা ভালেমান গুনমুগ্ধই তেওঁৰ নগাওঁৰ ফৌজাদাৰ পট্টিৰ বাসগৃহলৈ আহি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।মহন্তৰ মৃত্যু অসমীয়া চলচিত্ৰ জগতৰ বাবে বৃহৎ ক্ষতি হিচাপে চিহ্নিত হৈছে।
Begin typing your search above and press return to search.