Begin typing your search above and press return to search.

বিয়াৰ প্ৰাকমূহুৰ্তৰ কথা সুঁৱৰি নষ্টালজিক হৈ পৰিল বলীউডৰ এইগৰাকী অভিনেত্ৰী

বিয়াৰ প্ৰাকমূহুৰ্তৰ কথা সুঁৱৰি নষ্টালজিক হৈ পৰিল বলীউডৰ এইগৰাকী অভিনেত্ৰী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  7 March 2019 12:15 PM GMT

বলীউডৰ অভিনেত্ৰী অনুষ্কা শৰ্মা আৰু বিৰাট কোহলীৰ বিবাহৰ কথা মনত আছে সকলো অনুৰাগীৰ ৷অৱশ্যে থকাটো স্বাভাৱিক ৷কাৰণ অনুষ্কা শৰ্মা আৰু বিৰাট কোহলী দুয়ো গৰাকী চেলীব্ৰেটীয়ে অতি সাধাৰণ তথা কাকো খবৰ নিদিয়াকৈ, গোপনে বিবাহ পাশত আৱদ্ধ হৈছিল ৷ইটালীত বিবাহ পাশত আৱদ্ধ হোৱা বিৰাট আৰু অনুষ্কাই বিছৰা নাছিল যে তেওঁলোকৰ বিয়াখনত সংবাদমাধ্যম,অনুৰাগী সকলোৱে উৎসুকতাৰে আগ্ৰহ প্ৰকাশ কৰি থাকক ৷সেয়েহে সীমিত বন্ধু আৰু পৰিয়ালৰ কেইজনমান সদস্যৰ উপস্থিতিত বিবাহ পাশত আৱদ্ধ হয় বিৰুস্কা ৷

সেয়েহে বিয়াৰ সকলো আয়োজন গোপনে ৰাখিবলৈ বিৰাটৰ নাম পৰিৱৰ্তন কৰিছিল ৷ এই মন্তব্য কৰে অনুষ্কা শৰ্মাই ৷এক সাক্ষাৎকাৰত অনুষ্কা শৰ্মাই কয় যে বিয়াৰ খবৰ পৰিয়াল,ৱেডিং প্লেনাৰ,মেনেজাৰ আৰু ষ্টাইলিষ্ট সকলকহে দিছিল ৷ যেতিয়া বিয়াৰ খাদ্যৰ কাৰণে আয়োজন কৰিবলৈ তথা নাম ৰেজিষ্টাৰ কৰিবলৈ বিৰাট কোহলীৰ নামটো পৰিৱৰ্তন কৰি ৰাহুল দিয়ে ৷ অনুষ্কাই কয় যে ডীজাইনাৰ সব্যসাচী লগত হোৱা এক সাক্ষাৎকাৰকো গোপনে ৰখা হৈছিল ৷

কাৰণ আমি বহুত সাধাৰণ ভাৱে বিয়াৰ আয়োজন কৰিব বিচাৰিছিলো ৷ আমাৰ বিয়াত কেৱল ৪২ জন লোক আছিল ৷আমি যেনেকৈ বিচাৰিছিলো,তেনেকৈ বিয়া হৈ গ’ল ৷ অন্যহাতে বিৰাট কোহলী আৰু অনুষ্কা শৰ্মাৰ বিয়াৰ পিছত ফ’টো সমূহে অনুৰাগীক যথেষ্ট উৎসুক কৰি তুলিছিল ৷ বিৰাট অনুষ্কাৰ প্ৰেম আৰম্ভ হৈছিল এক বিজ্ঞাপনৰ জৰিয়তে ৷ইয়াৰ পিছত ২০১৭ বৰ্ষৰ ১১ ডিচেম্বৰত এই চৰ্চিত প্ৰেমিক যুগলে বিবাহ পাশত আৱদ্ধ হয় ৷

ইফালে সম্প্ৰতি অভিনেত্ৰী অনুষ্কা শৰ্মা আৰু বিৰাট কোহলী আহিছে নিজস্ব গতানুগতিক কৰ্মসূচীলৈ ৷তাৰ মাজত দুয়ো জনৰ ছ’চিয়েল মিডিয়াত সক্ৰিয় হৈ থকা দেখা যায় ।বিগত সময়ত অনুস্কা আৰু হলীউডৰ এগৰাকী অভিনেত্ৰীৰ লগত হোৱা সাদৃশ্যই বাৰুকৈয়ে ব্যতিব্যস্ত কৰিছিল বিৰাট কোহলীক ৷আমেৰিকাৰ প্ৰসিদ্ধ গায়িকা-গীতিকাৰ জুলীয়া মাইকেল্সে নিজৰ ইনষ্টাগ্ৰাম একাউন্টত এখন ফ’টো শ্বেয়াৰ কৰিছিল৷ কিন্তু আশ্চৰ্যপূৰ্ণ কথা এইটোৱে যে জুলীয়া মাইকল্সৰ এই ফ’টোখন শ্বেয়াৰ কৰাৰ পিছতে বলীউডৰ অনুৰাগীসকলৰ মনত এটাই প্ৰশ্ন যে, সচাঁকৈয়ে অনুষ্কা শৰ্মাই নিজৰ লুক পৰিৱৰ্তন কৰিলে নেকি? ন’হবনো কিয়,কাৰণ অনুষ্কা শৰ্মা আৰু জুলীয়া মাইকল্সৰ সাদৃশ্য দেখিলে আপুনিও দোমোজাত পৰিব ৷ কাৰণ অনুষ্কা আৰু জুলীয়া দেখিবলৈ প্ৰায় একে ৷ইফালে জুলীয়াৰ এগৰাকী অনুৰাগীয়ে জুলীয়া আৰু অনুষ্কাৰ সাদৃশ্যৰ বিষয়ে টুইট কৰে৷অনুৰাগী গৰাকীয়ে জুলীয়াক প্ৰশ্ন কৰে যে তেওঁ বলীউডৰ ষ্টাৰসকলৰ কথা শুনিছেনে ? তেতিয়া জুলিয়াই মন্তব্য কৰে যে জুলীয়াই তেওঁক ভালকৈ জানে ৷ তুলনা কৰাৰ কাৰণে ধন্যবাদ ৷

অন্যহাতে,জুলীয়া হৈছে গ্ৰেমী নামাংকৃত শিল্পী ৷ সম্প্ৰতি জুলীয়াৰ চেলেনা গোমেজৰ লগত এখন নতুন এলবাম Anxietyৰ উন্মোচন হয় ৷ইফালে জুলীয়াই অনুষ্কাৰ সন্দৰ্ভত জানিবলৈ উৎসুক বুলি জানিব পৰা গৈছে ৷ সচাঁকৈয়ে অনুষ্কা শৰ্মা আৰু জুলীয়া মাইকেল্সৰ সাদৃশ্য দেখিলে হিন্দী ছবিৰ দৰেই মেলাত বিছিন্ন হৈ যোৱা দুগৰাকী ভগ্নীৰ কাহিনীৰ দৰে ।আমোদ জনক কথা যে জুলীয়া আৰু অনুষ্কাৰ সাদৃশ্যত প্ৰশ্নৰ সন্মুখীন হৈছে অনুষ্কাৰ শৰ্মাৰ স্বামী ক্ৰিকেটাৰ বিৰাট কোহলী ৷ কোনোৱে আকৌ বিৰাট কোহলীলৈ নিউজিলেণ্ড আৰু অষ্ট্ৰেলিয়া ভ্ৰমণ কৰাৰ পিছত অনুষ্কাই নিজৰ নাম পৰিৱৰ্তন কৰিলে নেকি বুলিও প্ৰশ্ন কৰে ৷

অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন

Next Story