Begin typing your search above and press return to search.

“বেগাৰ ফ্ৰী ইণ্ডিয়া”; সজাগতা অভিযান আৰম্ভ এজন যুৱকৰ

“বেগাৰ ফ্ৰী ইণ্ডিয়া”; সজাগতা অভিযান আৰম্ভ এজন যুৱকৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  20 Aug 2018 10:00 AM GMT

দিল্লীৰ আশিচ শৰ্মা নামৰ যুৱক এজনে "বেগাৰ ফ্ৰী" অৰ্থাৎ ভিক্ষাৰী মুক্ত ভাৰত নাইবা ভিক্ষাৰী নিৰ্মুলকৰন দেশ হিচাপে গঢ়ি তোলাৰ বাবে জম্মুৰ পৰা খোজকাঢ়ি এক অভিযান আৰম্ব কৰিছে।আশিচ শৰ্মা(২৯) এজন মেকানিকেল অভিযন্তা।তেওঁ এক মাল্টি-নেশ্যনেল কোম্পানীত কৰ্মৰত আছিল।তেওঁ এই কৰ্মজীৱন ত্যাগ কৰি "বেগাৰ ফ্ৰী ইণ্ডিয়া"বুলি এক অভিযান আৰম্ভ কৰিছে। তেওঁ পৰিকল্পনা কৰা অনুসৰি ,১৭,০০০কিল'মিটাৰ দেশখন ভ্ৰমণ কৰিব আৰু এই সময়লৈ ৮০৫৭ কিল'মিটাৰ ভ্ৰমণ কৰা হৈছে।

সংবাদ কৰ্মী সকলৰ সৈতে কথা-বতৰা হোৱাৰ সময়ত তেওঁ নিজৰ এই যাত্ৰাৰ বিষয়ে অৱগত কৰি কয় যে,এদিনা খন তেওঁ সন্ধিয়া কামৰ পৰা ঘৰলৈ উভতি অহাৰ পথত তেজেৰে লুটুৰি-পুটুৰি হৈ থকা ক্ষীণ-মীণ শিশু এটি দেখিবলৈ পালে,আৰু তেতিয়া তেওঁ শিশুটি ঘৰলৈ লৈ গৈ নতুন কাপোৰ কিছুমান দিলে আৰু ওচৰৰ স্কুল এখনত ভৰ্ত্তি কৰি দিয়ে। এই ঘটনাটিৰ পৰাই তেওঁৰ জীৱনটোক সলনি হ'ল।আৰু তেওঁ চাকৰি পদত্যাগ কৰি খোজকাঢ়ি শিশুৰ বাবে এক সজাগতা সৃষ্টি কৰিবলৈ ওলাই আহিল।

এই অভিযান আৰম্ভ কৰাৰ পিছতে তেওঁ এই সন্দৰ্ভত গৱেষণা কৰি গম পালে যে এই অৱস্থা অতি শোচনীয় অৱস্থালৈ গৈ আছে।ইয়াৰ উপৰিও চৰকাৰে আগবঢ়োৱা কল্যাণ মূলক আচঁনি সমূহ পাবলগীয়া তথা ভোগ কৰিব লগীয়া শিশুটিৰ ওচৰলৈ ঢুকি নাপাই একমাত্ৰ সজাগতাৰ অভাৱৰ বাবে।সেয়ে তেওঁ ৰাষ্ট্ৰ খনৰ এনে শিশু সকলৰ বাবে খোজকাঢ়ি সজাগতাৰ বাবে ব্যৱস্থা হাতত লব।তেওঁ প্ৰথমে ২০১৭ৰ বৰ্ষৰ ২২আগষ্টৰ পৰা জম্মুৰ পৰা যাত্ৰা আৰম্ভ কৰে আৰু যোৱা বৃহস্পতিবাৰে কোজকাঢ়ি তেজপুৰ আহি পায়।

জানিব পৰা অনুসৰি, তেওঁ এদিনত প্ৰায় ৩০-৪০কিল'মিটাৰ আৰু হাজাৰ সংখ্যক মানুহ সাক্ষাৎ কৰি কল্যাণমূলক আচঁনি সমূহে কিদৰে মানুহৰ ব্যক্তিগত জীৱন সলনি কৰিব পাৰে সেই বিষয়ে অৱগত কৰাইছে।ইতিমধ্যে তেওঁ ৮০৫৭কিল'মিটাৰ ঠাই আৰু ১৫খন ৰাজ্য ভ্ৰমণ কৰিছে।

Next Story